সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধৰ্ম ঘৰত ৰখাই ভালঃ কিয় ক’লে প্ৰাক্তন ন্যায়াধীশে?

২১ আগষ্টত অৱসৰ গ্ৰহণ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ নকভিয়ে। কিন্তু বিদায় ভাষণত বহু কথাই কৈ বহু কথাই কৈ গ’ল প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে। নকভিয়ে জনসাধাৰণক সাংবিধানিক মূল্যবোধ ৰক্ষা কৰিবলৈ আৰু দৃঢ় ভাৱে ধৰ্মনিৰপেক্ষ হ’বলৈ পৰামৰ্শ প্ৰদান কৰে। একে সময়তে তেওঁ উল্লেখ কৰে যে ধৰ্ম মানুহৰ একান্তই ব্যক্তিগত বিষয়। গতিকে ধৰ্ম ঘৰৰ ভিতৰত থকাটোৱেই ভাল। যদি ধৰ্ম ৰাস্তালৈ আহে তেন্তে ই আৰু ধৰ্ম হৈ নাথাকে।
অৱসৰৰ ভাষণৰ সময়ত ন্যায়াধীশ পংকজ নকভিয়ে কয় যে আপুনি এজন ভাল ব্যক্তি নহ’লে আপুনি এজন ভাল হিন্দু হ’ব নোৱাৰে বা আপুনি এজন ভাল মুছলমান হ’ব নোৱাৰে। তেওঁ লগতে উল্লেখ কৰে যে সংবিধান আমাৰ বাবে বাইবেলৰ দৰে। আমি সংবিধানৰ বাবে জীয়াই থাকিব আৰু মৰিব পাৰো।
ন্যায়াধীশ গৰাকীয়ে তেওঁৰ ভাষণৰ সময়ত তেওঁৰ দেউতাকে দিয়া মূল্যবোধৰ কথাও মনত পেলাইছিল। নকভিৰ পিতৃয়ে কৈছিল যে মানৱতাতকৈ উচ্চ ধৰ্ম আৰু একো নাই। নকভিৰ মতে মানুহ সদায় নিজৰ দৃষ্টিকোণৰ পৰা ধৰ্মনিৰপেক্ষ হৈ থাকিব লাগে।
২০১৩ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদবীত অধিষ্ঠিত হোৱা পংকজ নকভিয়ে তেওঁৰ কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ ন্যায়িক সিদ্ধান্ত গ্ৰহণ কৰিছিল। ন্যায়াধীশ পংকজ নকভিৰ বিচাৰপীঠে বিগত বৰ্ষত প্ৰদান কৰা লাভ জিহাদৰ গোচৰৰ এটা ৰায়ে যিকোনো লোকক নিজৰ পচন্দৰ জীৱন সংগী বাচনি কৰিবলৈ অনুমোদন দিছিল। আনকি বিপৰীত লিংগৰ হ’লেও দুয়োগৰাকীক সহবাস কৰাৰ অনুমতি দিছিল এই ৰায়ে। এই সম্পৰ্কে মন্তব্য কৰি পংকজ নকভিয়ে কৈছিল যে দেশে দুগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজৰ সম্পৰ্কত আপত্তি কৰিব নোৱাৰে। এই আইনখনে যিকোনো প্ৰাপ্তবয়স্কক ব্যক্তিক তেওঁৰ জীৱন সংগী বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল আৰু আন কোনেও তেওঁলোকৰ জীৱনত হস্তক্ষেপ কৰিব নোৱাৰিছিল।

Leave A Reply

Your email address will not be published.