সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ভিডৰ আতংকৰ মাজতে দেশত ডেংগুৰ সন্ত্ৰাসঃ কেন্দ্ৰৰ সতৰ্কবাণী

দেশত ক’ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে আৰম্ভ হৈছে ডেংগুৰ সন্ত্ৰাস। দেশৰ বহু কেইখন ৰাজ্যত ডেংগুয়ে লৈছে ভয়ংকৰ ৰূপ। ডেংগুৰ সন্ত্ৰাসৰ বাবে এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, উৰিষ্যাকে ধৰি দেশৰ ১১ খন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। Serotype-2 ডেংগুয়ে দেশত লৈছে ভয়ংকৰ ৰূপ। দেশৰ প্ৰতিখন ৰাজ্যক ডেংগু নিয়ন্ত্ৰণ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই। প্ৰতিখন চিকিৎসাত তেজ আৰু প্লাজমা মজুত ৰখাৰ বাবে আহ্বান জনাইছে কেন্দ্ৰই। জ্বৰ হ’লেই স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ। ডেংগু চিনাক্তকৰণত পলম হোৱাৰ বাবেই বহু লোকৰ মৃত্যু হৈছে ডেংগুত। দেশত ডেংগুত আক্ৰান্ত হৈছে সহস্ৰাধিকতকৈও অধিক লোক। সেয়েহে এতিয়া কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে দেশবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.