দিল্লীৰ কাষৰ গ্ৰেটাৰ নয়ডাত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এটা জনপ্ৰিয় খাদ্য এগ্ৰিগেটৰ এপৰ বাবে কাম কৰা এজন ডেলিভাৰী বয়ে খাদ্য প্ৰস্তুত কৰাত পলম কৰাৰ বাবে এখন ৰেষ্টুৰেন্টৰ মালিকক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি অৰ্ডাৰ প্ৰদানত পলম হোৱাৰ বাবে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আৰু ডেলিভাৰী বয় জনৰ মাজত তৰ্ক আৰম্ভ হৈছিল। যেতিয়া ৰেষ্টুৰেণ্টৰ গৰাকীয়ে দুয়োৰে মাজত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া ডেলিভাৰী বয় জনে তেওঁক গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পৰা পলাই গৈছিল। আৰক্ষীয়ে ডেলিভাৰী বয় জনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।
মৃত ব্যক্তিজনক সুনীল আগৰৱালা বুলি চিনাক্ত কৰা হৈছে। তেওঁ গ্ৰেটাৰ নয়ডাৰ জাম জাম নামৰ এখন খাদ্য বিতৰণ ৰেষ্টুৰেণ্ট চলাই আছিল। ডেলিভাৰী বয় জনে মঙলবাৰে নিশা চিকেন বিৰিয়ানি আৰু পুৰী চাবজিৰ অৰ্ডাৰ সংগ্ৰহ কৰিবলৈ তেওঁৰ ৰেষ্টুৰেণ্টত উপস্থিত হৈছিল।
এটা অৰ্ডাৰ সাজু আছিল আৰু আনটো অৰ্ডাৰ প্ৰস্তুত কৰাত অলপ সময় লাগিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে ইয়াৰ ফলত ডেলিভাৰী বয় জনৰ খং উঠিছিল আৰু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে দুৰ্ব্যৱহাৰ আৰম্ভ কৰিছিল।
অভিযোগ উঠিছে যে যেতিয়া সুনীল আগৰৱালে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল ডেলিভাৰী বয়জনে তেতিয়া তেওঁৰ মূৰত গুলী মাৰিছিল।আঘাতপ্ৰাপ্ত সুনীল আগৰৱালক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তাত তেওঁক মৃত ঘোষণা কৰা হয়।
তথ্য অনুসৰি অভিযুক্তজন সুৰাৰ নিচাত আছিল আৰু তেওঁৰ সৈতে আন এজন ব্যক্তি আছিল যিজনে হত্যাকাণ্ডৰ পিছত তেওঁক পলাই যোৱাত সহায় কৰিছিল।
আৰক্ষীৰ মতে এই সন্দৰ্ভত সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। সোনকালেই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হ’ব।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.