সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভেকচিনৰ ক্ষেত্ৰত কি ৰেকৰ্ড গঢ়িলে ইন্দোৰে?

সকলো যোগ্য হিতাধিকাৰীক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হ’ল ইন্দোৰ।
ইন্দোৰত ১৩ আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ ১০০% লোকৰ কোভিড-১৯ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে। ইন্দোৰৰ ১৮.৮১ লাখ জনসংখ্যাৰ বিপৰীতে মুঠ ১৮.৮২ লাখ পালি ভেকচিন অনুমোদন দিয়া হৈছিল।
মঙলবাৰে সন্ধিয়ালৈকে ২৮.০৮ লাখ লোকক টিকাকৰণ কৰাৰ পিছত মধ্য প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা ইন্দোৰ সকলো যোগ্য নাগৰিকক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হল। ইন্দোৰত ১০ লাখতকৈও অধিক লোকক প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কৃতিত্ব অৰ্জন কৰাৰ বাবে ইন্দোৰৰ বাসিন্দাসকলক অভিনন্দন জনাই কয় যে ইন্দোৰে আকৌ এবাৰ নতুন অভিলেখ গঢ়িলে।
১০ লাখতকৈ অধিক জনসংখ্যা থকা জিলাবোৰৰ ভিতৰত ইন্দোৰ দেশৰ প্ৰথম খন জিলা যিয়ে ইয়াৰ সকলো যোগ্য নাগৰিকক ক’ভিডৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰিছে। মঙলবাৰে সন্ধিয়ালৈকে ইন্দোৰত ইয়াৰ ২৮০৮২১২ জন যোগ্য নাগৰিকৰ ভিতৰত ২৮০৭৫৫৯ জন লোকে ভেকচিন গ্ৰহণ কৰিছে। ইন্দোৰৰ মুঠ জনসংখ্যা হৈছে ৪২.৪১ লাখ যাৰ ভিতৰত ২৮.০৭ লাখ লোক টিকাকৰণৰ বাবে যোগ্য।
ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে বাৰ্তালাপ কৰি ইন্দোৰৰ কলেক্টৰ মনীষ সিঙে কয় যে টিকাকৰণৰ গুৰুত্বসম্পৰ্কে নাগৰিকসকলক ভালদৰে অৱগত কৰাৰ উপৰিও টিকাকৰণৰ ৰণনীতি বুথ স্থাপনৰ স্থানৰ পৰা আৰম্ভ কৰি লোকসকলক অনুপ্ৰাণিত কৰালৈকে সকলো অংশীদাৰ যেনে সমাজনেতা, সাংসদ, বিধায়ক, কাউঞ্চিলৰ আৰু আনকি প্ৰাক্তন কাউঞ্চিলৰ আৰু তেওঁলোকৰ প্ৰতিদ্বন্দীসকলক অন্তৰ্ভুক্ত কৰি কৰা হৈছিল।
ইন্দোৰ পৌৰ আয়ুক্ত প্ৰতিভা পালৰ মতে গৰ্ভৱতী মহিলাৰ বাবে ২৫ টা গুলপীয়া কেন্দ্ৰ আৰু আন ১২ টা ড্ৰাইভ-ইন-চেণ্টাৰৰ উপৰিও সমগ্ৰ জিলাখনত প্ৰায় ২০০০ টিকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছিল। জিলাখনত দূৰৱৰ্তী অঞ্চলত বাস কৰা লোকসকলক টিকাকৰণ কৰিবলৈ অতিৰিক্ত ১০০ টা ভ্ৰাম্যমাণ দল আছিল।

Leave A Reply

Your email address will not be published.