সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোন জ্যেষ্ঠ খৈলুৱৈয়ে কোহলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে BCCIত?

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কিছু দিন পূৰ্বো টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল। বিৰাট কোহলিয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ ৰ অধিনায়কত্ব হস্তান্তৰ কৰিব। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি টীম ইণ্ডিয়াৰ এজন জ্যেষ্ঠ খেলুৱৈয়ে ইংলেণ্ড ভ্ৰমণৰ সময়ত কোহলিৰ আচৰণৰ বিষয়ে BCCIৰ ওচৰত অভিযোগ কৰিছিল। এক বিশেষ সূত্ৰৰ তথ্য মতে কেইমাহমান আগতে টীম ইণ্ডিয়াৰ ভিতৰতে বিৰাট কোহলিৰ বিৰুদ্ধে লবী আৰম্ভ হৈছিল। খবৰ অনুসৰি বহু জ্যেষ্ঠ খেলুৱৈয়ে ড্ৰেছিং ৰুমত বিৰাট কোহলিৰ আচৰণক লৈ ক্ষোভ প্ৰকাশ কৰিছিল।
ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বস্ত সূত্ৰই জনোৱা খবৰ অনুসৰি এজন জ্যেষ্ঠ খেলুৱৈৰ কোহলিৰ ওপৰত খং উঠিছিল। গতিকে তেওঁ কোহলিৰ ব্যৱহাৰ সন্দৰ্ভত BCCIৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অৱশ্যে অভিযোগ উত্থাপন কৰা খেলুৱৈজন কোন আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Leave A Reply

Your email address will not be published.