২২৫ ঘন্টাত ১৫০ বাৰ ভাষণ দিব প্ৰবক্তা তথা চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাইঃ কিন্তু কিয়?

Share This Article

শ্রীমদ্ভাগৱত গীতাৰ ওপৰত এলানি বত্তৃণতাৰ আয়োজন কৰিছে অসম বিশ্ববিদ্যালয়ে৷ শ্রীঅৰবিন্দৰ চিন্তাধাৰাৰ আধাৰত শ্রীমদ্ভাগৱতৰ সার্বজনীন বার্তা শীর্ষক এই বক্তৃতা প্রদান কৰিব সাহিত্য অকাডেমিৰ অনুবাদক বঁটা বিজয়ী চিন্তাবিদ দিগন্ত বিশ্ব শর্মাই৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বার্ষিকী আৰু ঋষি অৰবিন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে অসম বিশ্ববিদ্যালয়ে৷ ২২৫ ঘণ্টাজোৰা এই বত্তৃণতা অনুষ্ঠানটো বিভক্ত কৰা হৈছে ১৫০টা Sessionত৷ বক্তৃতা অনুষ্ঠানটোত শ্রীমদ্ভাগৱত সম্পর্কত ঋষি অৰবিন্দৰ দর্শন সন্দর্ভত ভাষণ প্রদান কৰিব দিগন্ত বিশ্ব শর্মাই৷ দেশৰ বিশ্ববিদ্যালয়ৰ ইতিহাসত এইটোৱেই হ’ব সবাতোকৈ দীঘলীয়া বক্তৃতা অনুষ্ঠান৷ ইয়াৰ পূর্বে দিগন্ত বিশ্ব শর্মাই অসম বিশ্ববিদ্যালয়ত ঋষি অৰবিন্দৰ ভাৰতীয় সংস্কৃতি বিষয়ক এক দীর্ঘম্যাদী বিদ্যায়তনিক বক্তৃতা অনুষ্ঠানত অংশগ্রহণ কৰি আহিছে৷ ভাৰতীয় সংস্কৃতি শীর্ষক ঋষি অৰবিন্দৰ গ্রন্থৰ অনুবাদৰ বাবে চলিত বর্ষৰ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে ঋষি অৰবিন্দ দর্শনৰ বিশিষ্ট প্রবক্তাজনে৷ উল্লেখ্য যে অসম বিশ্ববিদ্যালয়ৰ শ্রীমদ্ভাগৱত গীতা সম্পর্কীয় বক্তৃতা অনুষ্ঠানত দেশ-বিদেশৰ বিদ্যার্থীয়ে অংশগ্রহণ কৰিব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.