Investigative reporting with dedication.

তালিবানে আফগানিস্তানৰ হেলমান্দ প্ৰদেশৰ নাপিতসকলক স্থানীয় লোকৰ দাড়ি কাটি নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। তালিবানে কব খোজে যে দাড়ি কটাটো ইছলামিক আইন বিৰোধী। BBCৰ এক নতুন প্ৰতিবেদন অনুসৰি হেলমান্দ প্ৰদেশৰ নাপিতসকলক গ্ৰাহকৰ দাড়ি নাকাটিবলৈ কিম্বা শাস্তিৰ সন্মুখীন হ’ব পৰাকৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তালিবানে হেলমান্দৰ নাপিত সকলৰ বিৰুদ্ধে জাননী জাৰি কৰি কয় যে কাৰো অভিযোগ কৰাৰ অধিকাৰ নাই। নাপিত সকলে কৈছে যে তালিবান যোদ্ধাসকলে তেওঁলোকক বাৰে বাৰে দাড়ি কটা বন্ধ কৰিবলৈ কৈ আহিছে আৰু আনকি তেওঁলোকক হাতেলোটে ধৰিলে গোপন তালিবলৈ প্ৰেৰণ কৰা হব বুলিও ভাবুকি দিছে।



