সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১ লাখক পট্টা দিয়াৰ কথা আছিল , পালে কিমানে ?

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল জনসভাত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশালসভাত ভাগ লৈ ১ লাখ লোকক ভূমি পট্টা বিতৰণ  কাৰ্যসূচীৰ শুভাৰম্ভ  কৰে প্ৰধানমন্ত্ৰীয়ে। স্বাধীনতাৰ পিছত এইটোৱে অসমত বৃহৎ সংখ্যক লোকক একেলগে ভূমিপট্টা প্ৰদান কৰা প্ৰথমটো কাৰ্যসূচী ।  আড়ম্বৰপূৰ্ণ ভাৱেই নিৰ্বাচনৰ পূৰ্বে এই অনুষ্ঠানে চমক সৃষ্টি কৰিছিল ৷পট্টা প্ৰদান কাৰ্যসূচীৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছিল যে বহু চৰকাৰী ভূমি অবৈধ অনুপ্ৰৱেশকাৰীৰ কবলত আছে আৰু  চৰকাৰে তেওঁলোকক উচ্চেদ কৰি খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদানৰ উদ্যোগ লৈছে। সৰ্বানন্দ সোণোৱালে লগতে মন্তব্য কৰিছিল যে বিগত কোনো চৰকাৰে ইয়াৰ পূৰ্বে এনে জন অনুকূল কাৰ্যপন্থা হাতত লোৱা নাই।

সৰ্বানন্দ সোণোৱালে আকৌ কৈছিল যে তেওঁলোকে খিলঞ্জীয়াৰ ভয় আঁতৰ কৰি  অনিশ্চয়তাৰ অৱসান ঘটাব।  কিন্তু আশ্চৰ্যকৰ কথাটো হ’ল যোৱা ৫ বছৰতেই ১লাখ লোকক চৰকাৰখনে প্ৰদান কৰা নাই ভূমি পট্টা।

- Donation -

৬ আগষ্টত অৰ্থাত শুকুৰবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সোধা পট্টা, উচ্চেদ আৰু ভূমিহীন শীৰ্ষক এটা প্ৰশ্নৰ উত্তৰ ৰাজহমন্ত্ৰী যোগেন মহনে দিয়া তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে এই কথা। অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত যোগেন মোহনে সদৰী কৰিছে বিভিন্ন জিলাৰ বিভিন্ন জিলাৰ ভূমিহীন আৰু খহনীয়াপীড়িত পৰিয়ালক প্ৰদান কৰা ম্যাদী পট্টা প্ৰদানৰ তথ্য ।

তথ্য অনুসৰি ২০১৬ চনৰ মে’ মাহৰ পৰা ৬২,২০১ গৰাকী লোকক প্ৰদান কৰা হৈছে ম্যাদী পট্টা । কিন্তু নিৰ্বাচনৰ সময়ত বিজেপি নেতাই সোণোৱাল চৰকাৰে প্ৰায় ৩ লাখ লোকক মাটিৰ পট্টা প্ৰদান কৰিছে বুলিয়েই সদৰী কৰিছে ৰাজহুৱা সভাবোৰত। জেৰেঙা পথাৰত অনুষ্ঠিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে অসমৰ ১ লাখৰো অধিক লোকে লাভ কৰিলে ভুমিপট্টা । কিন্তু বিধানসভাত দাখিল কৰা চৰকাৰী তথ্য মতে ২০১৬ চনৰ পৰাই ১ লাখ লোকক প্ৰদান কৰা হোৱা নাই ভুমিপট্টা।

অখিল গগৈয়ে তেওঁৰ প্ৰশ্নত ২০১৬ চনৰ পৰা কিমান ভূমিহীন আৰু খহনীয়াপীড়িত পৰিয়ালক মাটি প্ৰদান কৰিলে , পট্টা দিলে আৰু আৱন্টন পট্টা দিলে সেয়া পৃথকে পৃথকে দেখুৱালৈ অনুৰোধ জনাইছিল বিভাগটোক।

বিধানসভাত যোগেন মহনে দিয়া উত্তৰ অনুসৰি বৰপেটাৰ ১৩২৪ টা, বিশ্বনাথৰ ৯৪৭টা, দৰঙৰ ২০২২ টা, ধেমাজিৰ ৭,৪৩৯ টা, বঙাইগাৱঁৰ ১০২১ টা, চৰাইদেউৰ ৭৪৮ টা, গোৱালপাৰাৰ ১৯৩৭ টা, গোলাঘাটৰ ৭২৬৮ টা , যোৰহাটৰ ৮০১৯ টা, কামৰূপৰ ১৮৭২টা, কৰিমগঞ্জৰ ২৮৭ টা, লখিমপুৰৰ ৮১৫৬ টা, মৰিগাঁৱৰ ১২৬৩ টা, নগাঁৱৰ ১৬৭১ টা, নলবাৰীৰ ১২৩৫ টা, শোণিতপুৰৰ ৬৪১ টা, তিনিচুকীয়াত ১২,৯৬৯ টা, বাক্সাত ৬২৫টা, কামৰূপ মহানগৰত ১৪১ টা, শিৱসাগৰত ৩৮০৬ টা ধুবুৰীত ৩৮১ টা, ডিব্ৰুগড়ত ১৪৬০ টা, চিৰাঙৰ ৩৭৫ টা পৰিয়ালক প্ৰদান কৰা হৈছে মাটিৰ পট্টা। অন্যহাতে এই পৰিসংখ্যা দক্ষিণ শালমৰাত শূন্য আৰু কোকৰাঝাৰত প্ৰয়োজ্য নহয়।

আনহাতে ৰাজহমন্ত্ৰী গৰাকীয়ে কয় যে ২০১৬ চনৰ মে মাহৰ পৰা ১,২৬,৪১৮ টা ভুমিহীন বা খহনীয়া পীড়িত পৰিয়ালক দিয়া হৈছে আৱন্টন পট্টা। বিশ্বানাথৰ ৭৩৬১ টা, বৰপেটাত শূন্য বঙাইগাৱত ১১৫৯ টা, কাছাৰত ৭৮১৪ টা, চৰাইদেউত ৩৬৫৯টা, দৰঙত ১৫১৩ টা, ধেমাজিত ৫২৬৩ টা, গোৱালপাৰাত ৩৪৭৫ টা, গোলাঘাটত ৫,৯৭৭ টা, হাইলাকান্দিত ১,৭৭৫ টা, হোজাইত ১৩১২টা, যোৰহাটত ৭২৫৪ টা, কামৰূপত ১২৮১ টা,কৰিমগঞ্জত ২১০২ টা, লখিমপূৰত ৮৬১১ টা, মৰিগাঁৱত ৫২৩৯ টা, নগাঁৱত ৫৮৪২ টা, নলবাৰীত ২৭৪৩ টা, শোণিতপুৰত ৯,২৬১ টা, দক্ষিণ শালমৰাত ১৮০৩ টা, তিনিচুকীয়াৰ ২১,৩৩৮ টা, বাক্সাৰ ১৭৫৬টা, কামৰূপ মহানগৰৰ ৪৩৫ টা, শিৱসাগৰৰ ৮০৭ টা, ধুবুৰীত ২০৭ টা, ডিব্ৰুগড় ১০,৫৫৯ টা, চিৰাঙৰ ৩১৭১ টা আৰু মাজুলীৰ ৬৯৬২ টা পৰিয়ালে এই পট্টা লাভ কৰিছে  ।

আনহাতে , ৰাজহ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৪,১৮,৭৫৯ টা ভুমিহীন পৰিয়াল আছে। অৱশ্যে ইয়াৰ লগতে ওডালগুৰি আৰু কাৰ্বি আংলং জিলাৰ ভূমিহীন পৰিয়ালৰ তথ্য চৰকাৰে বিচাৰি থকা বুলিহে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ কয় যে ৰাজ্যৰ ডিমা হাচাও , পশ্চিম কাৰ্বি আংলং জিলাত নাই কোনো ভূমিহীন পৰিয়াল। আশ্চৰ্যকৰ কথাটো হ’ল ইয়াৰে বানপীড়িত ধেমাজি জিলাৰ ৮৭,৯৮৩ টা আৰু খোদ মহানগৰ জিলাৰ     ৪৯,০৬৭ টা পৰিয়াল বৰ্তমানেও ভুমিহীন।

এই প্ৰশ্নৰ উত্তৰে এতিয়া কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ খনে অন্যান্য বিষয়ৰ লগতে ভুমি পট্টা প্ৰদানৰ তথ্যৰ ক্ষেত্ৰত যে আভুৱা ভাৰিছিল সেয়া স্পষ্ট কৰি তুলিছে ৷

Leave A Reply

Your email address will not be published.