লালসিং ছাদ্দা নামৰ চলচ্চিত্ৰখন অহা ১১আগষ্টত মুক্তি দিয়াৰ কথা৷মুক্তিৰ আগতেই চলচ্চিত্ৰখনৰ বিৰুদ্ধে টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে ৷চলচ্চিত্ৰখনত আমিৰ খানে লাল সিং সাদ্দাৰ চৰিত্ৰত অভিনয় কৰিছে৷১৯৯৪ চনত নিৰ্মীত হলিউডৰ ছবি ‘ফৰেষ্ট গ্ৰাম্প’ৰ পুনৰ নিৰ্মাণ হৈছে এই চলচ্চিত্ৰখন৷
লালসিং শৈশৱ অৱস্থাতেই মানসিকভাৱে কিছু অক্ষম আছিল৷তেওঁৰ সেই অৱস্থাৰ বাবে প্ৰায়ে তেওঁৰ বন্ধুবৰ্গৰ মাজত লাঞ্ছিত আৰু অৱহেলিত হৈছিল৷অৱশ্যে লালসিঙৰ মাক আছিল তেওঁৰ বাবে সাহস৷তেঁৱেই ল’ৰাটোক মানসিকভাৱে শক্তিশালী হৈ আন মানুহৰ দৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷বিদ্যালয়ত পঢ়ি থকা সময়ত এখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তেওঁ পঢ়া বিদ্যালয়খনত৷কিন্তু তাত লালসিঙক ভাগ ল’বলৈ দিয়া হোৱা নাছিল৷লালসিঙৰ বন্ধু গুৰপ্ৰীতে ইয়াত অংশ লৈছিল৷কিন্তু খেলৰ মাজতে গুৰপ্ৰীতে পৰি দুখ পাইছিল আৰু লালসিঙে বন্ধুৰ দুখ সহ্য কৰিব নোৱাৰি দৌৰি গৈ তেওঁক সহায় কৰিছিল আৰু সেই প্ৰতিযোগিতাত জয়ী হৈছিল গুৰপ্ৰীত৷সেইদিনাই লালসিঙৰ প্ৰতি থকা মানসিকতা সলনি হৈছিল শিক্ষক আৰু লালসিঙৰ বন্ধু সমাজৰ৷
ইয়াৰ পিছত লালসিং কলেজত অধ্যয়ন কৰিবলৈ গ’ল৷কলেজতো তেওঁ অকলশৰীয়াকৈয়ে দিনবোৰ পাৰ কৰিব লগীয়া হৈছিল৷কলেজৰ অন্তিম বৰ্ষত আৰ্মিত নিয়োজিত হোৱাৰ সুযোগ আহিছিল আৰু ছাদ্দাই সেই সুযোগ গ্ৰহণ কৰিছিল৷তেওঁৰ লগতে তেওঁৰ পুৰণি বন্ধু গুৰপ্ৰীতেও আৰ্মিত যোগদান কৰিছিল৷কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত ভাৰত আৰু পাক সেনাৰ মাজত হোৱা আক্ৰমণ প্ৰত্যাক্ৰমণত তেওঁৰ আন সহকৰ্মী সকলৰ লগতে তেওঁৰ বন্ধু গুৰপ্ৰীতেও প্ৰাণ হেৰুৱাইছিল৷গুৰপ্ৰীতক হেৰুৱাই মানসিকভাৱে ভাগি পৰা লাল সিঙে গাঁৱত গুৰপ্ৰীতৰ নামত এখন মিঠাইৰ দোকান খুলিছিল৷কাৰণ আছিল গুৰপ্ৰীতে আৰ্মিত থকাৰ সময়তে চাকৰি এৰি মিঠাইৰ দোকান খোলাৰ সপোনৰ কথা প্ৰকাশ কৰিছিল ছাদ্দাৰ আগত৷ইফালে সেই সময়তে লালসিঙৰ মাকৰ কেন্সাৰ ৰোগত মৃত্যু হৈছিল৷তেওঁৰ মনৰ চিনাকি তথা তেওঁৰ এসময়ৰ প্ৰেমিকা ছিমৰণ নামৰ ছোৱালীজনীয়ে ইফালে মুম্বাইত গয়িকা হ’বলৈ গৈ বিফল হোৱাত আত্মহত্যাৰ দৰে কঠোৰ সিন্ধান্ত ল’ব খুজিছিল৷লালসিঙে খবৰটো পাই ,ছিমৰণক নিজৰ কৰি লোৱাৰ সিন্ধান্ত ল’লে৷কিন্তু লালসিঙে ছিমৰণৰ এটা সন্তান থকাৰ কথা জানিব পাৰিলে আৰু লগতে সেই ল’ৰাটোৰ পিতৃ লালসিঙেই বুলি জনালে ছিমৰণে৷লালসিঙে ছিমৰণ আৰু পুত্ৰ সন্তানক লগত লৈ নতুনকৈ জীৱন আৰম্ভ কৰিলে যদিও কিন্তু ৰোগাক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ছিমৰণে৷
চলচ্চিত্ৰখনত লালসিঙৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰে৷
এই চলচ্চিত্ৰখন নাচাবলৈ প্ৰায় ৭০ হাজাৰ লোকে টুইট কৰিছে৷মুখ্য অভিনেতা আমিৰ খানে এবাৰ শিৱলিঙ্গত গাখীৰ ঢলাতকৈ দুখীয়া মানুহক খাবলৈ দিয়া উচিত বুলি মন্তব্য দিছিল যাৰ বিৰোধিতা কৰি আজি কিছুসংখ্যক নেটিজেনে টুইট কৰিছে লালসিং ছাদ্দা চোৱাতকৈ আমি দুখীয়াক খুৱাম৷
আনহাতে,মুখ্য অভিনেত্ৰী কৰীণা কাপুৰে আমি কাকো জোৰ কৰা নাই,যিসকলৰ মন আছে তেওঁলোকে চাব বুলি মন্তব্য কৰিছিল চিনেমাখন৷
সেই বক্তব্যটোক লৈয়ো ক্ষোভ উজাৰিছে নেটিজেনে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে নিজৰ ধৰ্মক যদি সুৰক্ষিত কৰিব বিচাৰিছে তেন্তে লালসিং ছাদ্দা বয়কট কৰক৷আনহাতে,অভিনেতা আমিৰ খানে নেটিজেনৰ এই সমালোচনাক লৈ দুখ প্ৰকাশ কৰিছে আৰু কৈছে তেওঁঁলোকে মোক ভাৰতবিদ্বেষী বুলি ভাবিছে,কিন্তু সেয়া তেওঁলোকৰ ভুল৷মোৰ অন্তৰত নিজ দেশৰ প্ৰতি কোনো বিদ্বেষ ভাৱ নাই৷আমিৰ খানে দেশৰ জনতাক চলচ্চিত্ৰখন বয়কট নকৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে৷ চলচ্চিত্ৰখনৰ নিৰ্মাণ ব্যয় আছিল ১৮০ কোটি ৷ আমিৰ খান প্ৰডাকচনৰ সৌজন্যত নিৰ্মিত এই চলচ্চিত্ৰখন সম্পূৰ্ণ হাস্যৰসেৰে পৰিপূৰ্ণ আৰু পৰিয়ালৰ উপভোগ্য ছবি বুলি প্ৰকাশ কৰিছে চলচ্চিত্ৰ সমালোচকে৷ গুৰুত্বপূৰ্ণ বিষয়টো এয়ে যে চলচ্চিত্ৰখন প্ৰায় ৭০ হাজাৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে বয়কট কৰাৰ ট্ৰেণ্ডৰ সৃষ্টি কৰি এক প্ৰচাৰৰ কৌশল অৱলম্বন কৰিছে আমিৰখান এণ্ড কোম্পানীয়ে বুলিও সমালোচনা কৰিছে বহুতে৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post