বিষাক্ত সুৰাৰ কবলত গুজৰাট, এতিয়ালৈ মৃত্যু ৩০ জনৰ

বিষাক্ত সুৰাই সন্ত্ৰাস চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত৷ বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ গুজৰাটৰ বটাড জিলাৰ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে৷অন্যহাতে ৫১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত৷ উল্লেখ্য যে,সোমবাৰে পূৱা জিলাখনৰ চৰকাৰী চিকিৎসালয়ত কেইবাজনো অসুস্থ লোক ভর্তি হোৱাৰ পিছতেই বিষাক্ত সুৰা সেৱনৰ কথা পোহৰলৈ আহে৷
অন্যহাতে বিষাক্ত সুৰা প্ৰচলনৰ অভিযোগেৰে গুজৰাট আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে৷ইতিমধ্যে ১৪ জন লোকক আটকো কৰিছে আৰক্ষীয়ে৷আনফালে গুজৰাটৰ ঘটনা সন্দর্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আনিছে আন এক অভিযোগ৷গুজৰাটৰ ভিন্ন প্ৰান্তত সুৰাৰ অবৈধ বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন কৰিছে কেজৰিৱালে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296