সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্বত ২০০ কৌটি চিৰিঞ্জৰ নাটনি :WHO ৰ আশংকা

ক’ৰোনা ভেকচিনৰ বাবে সমগ্ৰ বিশ্ব চিৰিঞ্জৰ নাটনিৰ সন্মুখীন হ’ব পাৰে ৷ এই আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ হুৰ এক প্ৰতিবেদনত কোৱা হয় যে অহা বছৰটোত ভেকছিন প্ৰদানৰ বাবে চিৰিঞ্জৰ নাটনি হ’ব পাৰে৷ ইয়াৰ ফলত ভেকছিন প্ৰদানৰ গতিও লেহেমীয়া হৈ পৰিব ৷ সমান্তৰালভাৱে অন্য ৰোগৰ চিকিৎসাতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷
হুৰ মতে চিৰিঞ্জৰ নাটনিয়ে এক অনাকাংক্ষিত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ কিয়নো অহা এটা বছৰত ১০০ ৰ পৰা ২০০ কৌটি চিৰিঞ্জৰ নাটনি হোৱাৰ আশংকাই দেখা দিছে ৷ সেয়ে চিৰিঞ্জ উৎপাদনত অধিক গুৰুত্ব দিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ আগবঢ়াইছে ৷

Leave A Reply

Your email address will not be published.