সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাবৰ আজমৰ মন্তব্যই অধিক বিপদত পেলালে নেকি হাছান আলীক ?

টি ২০ বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হ’ল পাকিস্তান ৷ ইয়াৰ লগে লগে পাকিস্তানৰ বিশ্বকাপ জয়ৰ সপোনো ধূলিস্যাৎ হৈ হ’ল ৷ ছেমিফাইনেলত নায়কৰ ৰূপত উজলি উঠিল অষ্ট্ৰেলিয়াৰ মেথিউ ৱেড ৷ তিনিটা বলত ধাৰাবাহিক তিনিটা ছয় কোবাই তেও অষ্ট্ৰেলিয়াক বিজৰ লক্ষ্যত উপনীত কৰালে ৷ কিন্তু একেখন মেচত খলনায়ক হৈ পৰিল পাকিস্তানৰ বলাৰ হাছান আলী ৷ তেও নিজৰ ৪ অভাৰত ৪৪ ৰাণ দিয়াই নহয় , মেথিউ ৱেডৰ এটা গুৰুত্বপূৰ্ণ কেচ মিছ কৰি জীৱন দান দিয়ে ৷ ১৯ তম অভাৰত হাছান আলীয়ে কেচ মিছ কৰাৰ পাছত তিনিটা বলতে তিনিটাকৈ ছয় কোবায় মেথিউ ৱেডে ৷ শ্বাহিন আফ্ৰিদিৰ অভাৰত ডিপ মিড উইকেটত এই কেচ মিছ কৰে হাছান আলীয়ে ৷ তেতিয়া অষ্ট্ৰেলিয়াক জয়ৰ বাবে প্ৰয়োজন আছিল ১০ বলত ২০ ৰাণৰ ৷ কেছ মিছ হোৱা বলটোত ৱেডে ২ ৰান লৈ পুণৰ ষ্ট্ৰাইক নিজৰ হাতত ৰাখে ৷ কিন্তু তাৰ পাছৰ তিনিটা বলতে তেও জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে ৷ অষ্ট্ৰেলিয়াই ৫ উইকেটত বিজয় সাব্যস্ত কৰে ৷
অধিনায়ক বাবৰ আজমেও পৰাজয়ৰ বাবে দোষী কৰিছে হাছান আলীক ৷ তেও কয় যে কেচ ড্ৰপ হোৱাৰ পাছতে মেচখনে অন্য মোৰ ল’লে ৷ তেতিয়া ক্ৰীজলৈ নতুন বেটছমেন অহা হ’লে ফলাফল বেলেগ হ’লহেতেন ৷ খেলুৱৈসকলে সকলো সময়তে সজাগ হৈ থাকিব লাগে , সুযোগ পালেই যাতে তাক কামত লগাব পাৰে ৷
বাবৰ আজমৰ এই মন্তব্যই আৰু অধিক বিপদত পেলাইছে হাছান আলীক ৷ পাকিস্তানৰ পৰাজয়ৰ বাবে হাছান আলীক জগৰীয়া কৰি টুইটাৰত ক্ষোভ উজাৰিছে পাকিস্তানী সমৰ্থকসকলে ৷

Leave A Reply

Your email address will not be published.