সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানক সহযোগিতাৰ আশ্বাস দি কি ক’লে চীনে ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা হুৱা চুনিয়াংগে কয় যে আফগানিস্তানৰ নাগৰিকৰ নিজৰ ভাগ্য আৰু ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰক চীনে সন্মান কৰে ৷ তেও লগতে কয় যে চীনে আফগানিস্তানৰ লগত নিজৰ সহযোগিতাৰ আৰু অধিক বিস্তাৰ কৰিব বিচাৰে ৷ চীনে আফগানিস্তানত শান্তি আৰু পুণৰ নিৰ্মানৰ বাবে গঠনমূলক ভূমিকা পালন কৰিবলৈ আগ্ৰহী ৷ চীনৰ বিদেশ মন্ত্ৰালয়ে এই আশাও ব্যক্ত কৰে যে তালিবানে নিজৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি এখন মুকলি ইছলামিক ৰাষ্ট্ৰ আলোচনাৰ মাধ্যমেৰে স্থাপন কৰিব ৷ তালিবানে নিজৰ দায়িত্ব পালন কৰি আফগান নাগৰিক আৰু আফগানিস্তানৰ বিদেশী প্ৰকল্পসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিব বুলিও চীনৰ বিদেশ মন্ত্ৰালয়ে নিজৰ বিশ্বাস ব্যক্ত কৰে ৷

 

Leave A Reply

Your email address will not be published.