আফগানিস্তানৰ পৰা পলায়ন সন্দৰ্ভত কি ক’লে আশ্ৰফ ঘানিয়ে ?

Share This Article

দেশত্যাগ কৰাৰ পাছত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ তাৰ মাজতে সামাজিক মাধ্যমযোগে ঘানিয়ে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া ৷ আফগানিস্তানৰ ক্ষমতা হস্তান্তৰ সম্পৰ্কত তেও কয় ,’তালিবানে তৰোৱাল আৰু বন্দুকৰ মুখত বিচাৰ প্ৰক্ৰিয়া চলাইছে ৷এতিয়া তেওলোকেই দেশবাসীৰ সম্ভ্ৰম , সম্পত্তি আৰু আত্মমৰ্যদা ৰক্ষাৰ দায়িত্ব ল’ব ৷তেওলোকে মানুহৰ মন জয় কৰি ক্ষমতালৈ অহা নাই ৷ইতিহাসে এনেকুৱা শক্তিক কেতিয়াও বৈধতা প্ৰদান নকৰিব ৷তেওলোক ইতিহাসৰ নতুন পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷হয় তেওলোকে আফগানিস্তানৰ নাম আৰু সম্ভ্ৰম ৰক্ষা কৰিব ৷ নহ’লে আন কিবা কথাত গুৰুত্ব দিব ৷’ আশ্ৰফ ঘানিয়ে লগতে কয়,’ আজি আমি অতি কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে ৷হয় , আমি সশস্ত্ৰ তালিবানৰ মুখামুখি হ’ব লাগিব অথবা দেশ ত্যাগ কৰিব লাগিব ৷ যদি আমাৰ দেশৰ অগণিত মানুহ শ্বহীদ হ’বলগীয়া হ’লহেঁতেন , তেনেহ’লে তাৰ ফল হ’লহেঁতেন ৬০ লাখ মানুহৰ এই চহৰৰ ধ্বংসপ্ৰাপ্তি ৷ ৰক্তপাত এৰাই চলিবলৈ মই দেশ এৰি অহাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল ৷’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.