সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তানৰ পৰা পলায়ন সন্দৰ্ভত কি ক’লে আশ্ৰফ ঘানিয়ে ?

দেশত্যাগ কৰাৰ পাছত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ তাৰ মাজতে সামাজিক মাধ্যমযোগে ঘানিয়ে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া ৷ আফগানিস্তানৰ ক্ষমতা হস্তান্তৰ সম্পৰ্কত তেও কয় ,’তালিবানে তৰোৱাল আৰু বন্দুকৰ মুখত বিচাৰ প্ৰক্ৰিয়া চলাইছে ৷এতিয়া তেওলোকেই দেশবাসীৰ সম্ভ্ৰম , সম্পত্তি আৰু আত্মমৰ্যদা ৰক্ষাৰ দায়িত্ব ল’ব ৷তেওলোকে মানুহৰ মন জয় কৰি ক্ষমতালৈ অহা নাই ৷ইতিহাসে এনেকুৱা শক্তিক কেতিয়াও বৈধতা প্ৰদান নকৰিব ৷তেওলোক ইতিহাসৰ নতুন পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷হয় তেওলোকে আফগানিস্তানৰ নাম আৰু সম্ভ্ৰম ৰক্ষা কৰিব ৷ নহ’লে আন কিবা কথাত গুৰুত্ব দিব ৷’ আশ্ৰফ ঘানিয়ে লগতে কয়,’ আজি আমি অতি কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে ৷হয় , আমি সশস্ত্ৰ তালিবানৰ মুখামুখি হ’ব লাগিব অথবা দেশ ত্যাগ কৰিব লাগিব ৷ যদি আমাৰ দেশৰ অগণিত মানুহ শ্বহীদ হ’বলগীয়া হ’লহেঁতেন , তেনেহ’লে তাৰ ফল হ’লহেঁতেন ৬০ লাখ মানুহৰ এই চহৰৰ ধ্বংসপ্ৰাপ্তি ৷ ৰক্তপাত এৰাই চলিবলৈ মই দেশ এৰি অহাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল ৷’

 

Leave A Reply

Your email address will not be published.