তালিবানক সহযোগিতাৰ আশ্বাস দি কি ক’লে চীনে ?

Share This Article

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা হুৱা চুনিয়াংগে কয় যে আফগানিস্তানৰ নাগৰিকৰ নিজৰ ভাগ্য আৰু ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰক চীনে সন্মান কৰে ৷ তেও লগতে কয় যে চীনে আফগানিস্তানৰ লগত নিজৰ সহযোগিতাৰ আৰু অধিক বিস্তাৰ কৰিব বিচাৰে ৷ চীনে আফগানিস্তানত শান্তি আৰু পুণৰ নিৰ্মানৰ বাবে গঠনমূলক ভূমিকা পালন কৰিবলৈ আগ্ৰহী ৷ চীনৰ বিদেশ মন্ত্ৰালয়ে এই আশাও ব্যক্ত কৰে যে তালিবানে নিজৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি এখন মুকলি ইছলামিক ৰাষ্ট্ৰ আলোচনাৰ মাধ্যমেৰে স্থাপন কৰিব ৷ তালিবানে নিজৰ দায়িত্ব পালন কৰি আফগান নাগৰিক আৰু আফগানিস্তানৰ বিদেশী প্ৰকল্পসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিব বুলিও চীনৰ বিদেশ মন্ত্ৰালয়ে নিজৰ বিশ্বাস ব্যক্ত কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.