সাময়িক সকাহ : ৰাষ্ট্ৰীয় ঘাইপথত জৰিমনা সংগ্ৰহ বন্ধ ৰখাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Share This Article

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলি থকা জৰিমনাৰ সন্ত্ৰাসৰ পৰা সাময়িক সকাহ  ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ় নোলোৱা পৰ্যন্ত জৰিমনা বিহা কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ঘাইপথসমূহত সংঘটিত ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনা আৰু যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ সন্দৰ্ভত অসম চৰকাৰৰ পৰিবহণ বিভাগ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্ত:গাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ তাৰ পাছত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি তেও এইদৰে কয় ,’ বিতং আলোচনাৰ অন্তত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ১০০ কিল’মিটাৰ পৰ্যন্ত হোৱাৰ লগতে স্পৰ্শকাতৰ অংশসমূহত প্ৰতি ঘণ্টাত ৪০ কিল’মিটাৰ ধাৰ্য কৰা সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ়ি নুঠা পৰ্যন্ত এই গতিবেগ উলংঘা কৰা যান-বাহনৰ পৰা পৰৱৰ্তী কিছু দিনৰ বাবে জৰিমনা সংগ্ৰহ বন্ধ ৰাখিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিওঁ৷

ৰাষ্ট্ৰীয় ঘাইপথসমূহকে ধৰি প্ৰধান পথসমূহত থকা দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি সেইসমূহত পৰ্যাপ্তসংখ্যক পথ নিৰ্দেশনা ফলক স্থাপন, ঘাইপথসমূহৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহত দৃশ্যমান ৰূপত পথ নিৰ্দেশনা ফলক স্থাপনৰ ব্যৱস্থা আৰু এনে স্পৰ্শকাতৰ এলেকাসমূহত উপযুক্ত গতিৰোধক নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিওঁ৷

লগতে ৰাজ্যৰ ঘাইপথ আৰু ছাৰ্ভিচ ৰোড তথা উপপথসমূহৰ সংযোগস্থলসমূহতো এনেধৰণৰ নিৰ্দেশনা ফলক তথা গতিৰোধক স্থাপনৰ কাম অহা ৩ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাইজৰ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে পৰৱৰ্তী দুমাহজুৰি অবিৰতভাৱে এক ব্যাপক প্ৰচাৰ অভিযান হাতত ল’বলৈও পৰিবহণ বিভাগক নিৰ্দেশ দিওঁ৷’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.