সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এছক’ৰ্টৰ নামত গুৱাহাটীত কোনে , কেনেদৰে চলাই দেহ ব্যৱসায় ?

এছক’ৰ্ট চাৰ্ভিছৰ নামত গুৱাহাটীত চলি আছে দেশ ব্যৱসায় ৷ ফেচবুক , টুইটাৰ আদি সামাজিক মাধ্যমত এটা চক্ৰই প্ৰথমতে গ্ৰাহকৰ লগত নিজে যোগাযোগ কৰে ৷ তাৰ পাছত এছক’ৰ্টৰ নামত যুৱতী , মহিলাক প্ৰেৰণ কৰে গ্ৰাহকৰ ওচৰলৈ ৷ এইদৰেই সামাজিক মাধ্যমৰ জড়িয়তে দেহ ব্যৱসায় চলাই অহা এটা চক্ৰ  আৰক্ষীৰ জালত পৰিছে ৷ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেবাগৰাকীও পুৰুষ – মহিলাক ৷আৰক্ষীৰ জালত পৰিছে পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ মেনেজাৰ নয়নমনি পাটোৱাৰী , মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ ওফৰে বমবাম  আৰু দিয়া শৰ্মা ওৰফে জোনাকী বেগম ৷

কেনেদৰে চলে দেহ ব্যৱসায় ?

- Donation -

দেহ ব্যৱসায়ী চক্ৰটোৰ টুইটাৰ , ফেচবুক আদিত নিজা একাউন্ট আছে ৷ এই একাউন্টসমূহৰ জড়িয়তে কিছুমান ৱেবচাইটৰ ঠিকনা প্ৰচাৰ কৰা হয় ৷ লগতে কোৱা হয় যে এই ৱেবচাইটসমূহত এছক’ৰ্টৰ সুবিধা পোৱা যায় ৷গুৱাহাটীৰ লগতে অসমৰ আন আন চহৰতো এছক’ৰ্ট প্ৰদান কৰা হয় ৷ জনাই জানে যে এছক’ৰ্ট মানে হ’ল নৈশ সংগী ৷ এনে ফেচবুক বা টুইটাৰ একাউন্টৰ প্ৰতি আগ্ৰহ দেখুওৱা লোকৰ লগত সামাজিক মাধ্যমতে যোগাযোগ কৰে ব্যৱসায়ী চক্ৰটোৱে ৷তাৰ পাছত ঠিক কৰা হয় যুৱতী বা মহিলাৰ দৰ দাম ৷ সেই অনুসৰি গ্ৰাহকৰ ওচৰলৈ তেওলোকক প্ৰেৰণ কৰা হয় বা গ্ৰাহকক নিৰ্দিষ্ট স্থানলৈ মাতি পঠিওৱা হয় ৷

কেনেকৈ আৰক্ষীৰ নজৰলৈ আহিল ?

মহানগৰ আৰক্ষীৰ ছোচিয়েল মেডিয়া চেলে যোৱা কিছুদিনৰ পৰা এছক’ৰ্ট চাৰ্ভিছ সম্পৰ্কীয় কেতবোৰ টুইটাৰ একাউন্ট লক্ষ্য কৰি আহিছিল ৷ এই একাউন্টৰ তথ্য বিচাৰোতে ওলাই পৰে যে ইয়াৰ লগত ৰাজ্যৰ এটা বৃহৎ দেহ ব্যৱসায় চক্ৰ জড়িত হৈ আছে ৷ লগে লগে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধিৰ ২৯২ , ৩৭১ আৰু আই টি এক্টৰ ৬৭, ৬৭(এ) ধাৰাৰ অধীনত ০৯/২০২১ নং গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে ৷ প্ৰথমতে যোৱা ৫ আগষ্টত আৰক্ষীৰ জালত পৰে পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ মেনেজাৰ নয়নমনি পাটোৱাৰী ৷ আৰক্ষীৰ জেৰাত তেও সদৰী কৰে যে মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ নামৰ এজন লোকে এই ব্যৱসায় নিয়ন্ত্ৰণ কৰে ৷ মুকুল ভৰদ্বাজৰ পত্নী দিয়া শৰ্মা ওৰফে জোনাকী বেগমো সমস্ত কাৰবাৰৰ লগত জড়িত ৷ ইয়াৰ পাছতে আৰক্ষীয়ে জোনাকীক গ্ৰেপ্তাৰ কৰে ৷মুকুল ভৰদ্বাজে সেইদিনা পলায়ন কৰে  ৷

নয়নমনি পাটোৱাৰী আৰু দিয়া শৰ্মা ওৰফে জোনাকী বেগম

 

ক’ত , কেনেদৰে চলাইছিল দেহ ব্যৱসায় ?

পাণবজাৰৰ মিনাৰ্ভা হোটেল শেহতীয়াকৈ হৈ পৰিছিল দেহ ব্যৱসায়ৰ ঘাটি ৷ অনলাইনযোগে গ্ৰাহকৰ লগত দৰ দাম চূড়ান্ত হোৱাৰ পাছত তেওলোকক অভিসাৰৰ বাবে হোটেল মিনাৰ্ভাৰ কোঠা প্ৰদান কৰা হয় ৷ ইয়াৰ বাহিৰেও মুকুল ভৰদ্বাজে জীয়া ভৰালী এপাৰ্টমেন্টত নিজৰ নামত এটা ফ্লেট ভাৰালৈ লৈছিল ৷ তাৰ পৰাও চলিছিল দেহ ব্যৱসায়ৰ নেটৱৰ্ক ৷এই ব্যৱসায়ৰ কিংপিন মুকুল ভৰদ্বাজে ১০ -১৫ টা মোবাইল ফোনেৰে সমগ্ৰ নেটৱৰ্ক চলাই গৈছিল ৷

ক’ত লুকাই আছিল মুকুল ভৰদ্বাজ ?

মুকুল ভৰদ্বাজৰ মোবাইল ফোনৰ নম্বৰসমূহৰ লোকেচন প্ৰথমতে দিল্লী , বিহাৰ আৰু মহাৰাষ্ট্ৰত পোৱা গ’ল ৷ কিন্তু তেও ১০-১৫ টা মোবাইল ফোন ব্যৱহাৰ কৰে বাবে আৰক্ষী প্ৰথমতে বিপাঙত পৰিল ৷ কিন্তু চোৰাংছোৱাৰ খবৰৰ ভিত্তিত জানিব পাৰে যে মুকুল ভৰদ্বাজে বিহাৰৰ লক্ষীচৰাই জিলাত আত্মগোপন কৰি আছে ৷তাৰ পাছতে আৰক্ষীৰ অপৰধ শাখাৰ এটা দলে বিহাৰলৈ গৈ মুকুলক যোৱা ৮ আগষ্টত গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি মুকুল ভৰদ্বাজক গুৱাহাটীলৈ আনি আৰক্ষীয়ে জেৰা চলাই আছে ৷ গুৱাহাটীৰ বাহিৰেও আন বহু ঠাইত তেও দেহ ব্যৱসায় চলাই অহাৰ তথ্য আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ৷

মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ

 

 

 

Leave A Reply

Your email address will not be published.