সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?

পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সদস্যসকলৰ এনে ব্যৱহাৰ সংসদৰ মৰ্যদাৰ পৰিপন্থী ৷ পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰিৰ বাহিৰেও কৃষক আন্দোলনকলৈও সৰৱ হৈ আহিছে বিৰোধী পক্ষ ৷ বৰ্ষাকালীন অধিৱেশনৰ প্ৰতিটো দিনতেই প্ৰতিবাদমুখৰ হৈ আহিছে বিৰোধী দলসমূহ ৷ আজিও লোকসভা আৰু ৰাজ্যসভাত তাৰ পুণৰাবৃত্তি ঘটিল ৷সদন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে অধ্যক্ষৰ আসনৰ ওচৰলৈ আহি প্ৰতিবাদ আৰম্ভ কৰাৰ লগতে পোষ্টাৰো প্ৰদৰ্শন কৰে ৷  ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা সদনৰ কাম কাজ বিৰোধীৰ প্ৰতিবাদৰ বাবে স্তব্ধ হৈ পৰিছে ৷ইয়াৰ লগে লগে পেগাছাছ আৰু কৃষক আন্দোলনৰ ইছ্যুত দেশৰ বিৰোধী দলসমূহো একগোট হোৱা পৰিলক্ষিত হৈছে ৷ইফালে , জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে কয় যে পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে উত্তৰ দিব পাৰে ৷ কিন্তু তেও নিশ্চুপ হৈ আছে ৷আজি সদন আৰম্ভ হোৱাৰ পূৰ্বে বিজেপিৰ সংসদীয় দলৰ বৈঠকো অনুষ্ঠিত হয় ৷ বিৰোধীৰ ধাৰাবাহিক আক্ৰমণ সন্দৰ্ভত এই বৈঠকতে ৰণকৌশল যুগুতোৱা হয় ৷

Leave A Reply

Your email address will not be published.