আফগানিস্তানত তালিবানৰ চহৰ দখলৰ চেষ্টা , ভাৰতীয়সকলক ওভতাই আনিবলৈ কি ব্যৱস্থা ?

Share This Article

তালিবানৰ আক্ৰমণত প্ৰায় অৱৰুদ্ধ হৈ পৰিছে আফগানিস্তানৰ মাজাৰ-ই –শ্বৰীফ চহৰ ৷আক্ৰমণৰ আশংকাত চহৰখনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ ব্যৱস্থা  গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷বিগত কিছুদিন ধৰি আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ-ই –শ্বৰীফ চহৰত সেনা আৰু তালিবানৰ মাজত তুমুল যুদ্ধ অব্যাহত আছে ৷ তালিবান আক্ৰমণকাৰীয়ে চাৰিওদিশৰ পৰা চহৰখন ঘেৰি ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷এনে পৰিস্থিতিত ভাৰতীয় লোকসকলক সুৰক্ষিত অৱস্থাত চহৰখনৰ পৰা উদ্ধাৰৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে ৷ মঙলবাৰে আফগানিস্তানৰ ভাৰতীয় ৰাষ্ট্ৰদূতে এক বিবৃতিত উল্লেখ কৰে যে মাজাৰ –ই-শ্বৰীফ চহৰৰ পৰা ভাৰত অভিমুখে এখন বিমান উৰা মাৰিব ৷ চহৰখনত আবদ্ধ ভাৰতীয়সকলক এই বিমানেৰে দেশলৈ ঘূৰি যোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে ৷যিসকলে দেশলৈ উভতি যাব বিচাৰে তেওলোকৰ নাম আৰু পাছপোৰ্টৰ নম্বৰ ০৭৮৫৮৯১১৩০৩ বা ০৭৮৫৮৯১৩০১ নম্বৰলৈ হোৱাটছ এপৰ জড়িয়তে প্ৰেৰণ কৰিবলৈ কোৱা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.