তালিবানৰ আক্ৰমণত প্ৰায় অৱৰুদ্ধ হৈ পৰিছে আফগানিস্তানৰ মাজাৰ-ই –শ্বৰীফ চহৰ ৷আক্ৰমণৰ আশংকাত চহৰখনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷বিগত কিছুদিন ধৰি আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ-ই –শ্বৰীফ চহৰত সেনা আৰু তালিবানৰ মাজত তুমুল যুদ্ধ অব্যাহত আছে ৷ তালিবান আক্ৰমণকাৰীয়ে চাৰিওদিশৰ পৰা চহৰখন ঘেৰি ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷এনে পৰিস্থিতিত ভাৰতীয় লোকসকলক সুৰক্ষিত অৱস্থাত চহৰখনৰ পৰা উদ্ধাৰৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে ৷ মঙলবাৰে আফগানিস্তানৰ ভাৰতীয় ৰাষ্ট্ৰদূতে এক বিবৃতিত উল্লেখ কৰে যে মাজাৰ –ই-শ্বৰীফ চহৰৰ পৰা ভাৰত অভিমুখে এখন বিমান উৰা মাৰিব ৷ চহৰখনত আবদ্ধ ভাৰতীয়সকলক এই বিমানেৰে দেশলৈ ঘূৰি যোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে ৷যিসকলে দেশলৈ উভতি যাব বিচাৰে তেওলোকৰ নাম আৰু পাছপোৰ্টৰ নম্বৰ ০৭৮৫৮৯১১৩০৩ বা ০৭৮৫৮৯১৩০১ নম্বৰলৈ হোৱাটছ এপৰ জড়িয়তে প্ৰেৰণ কৰিবলৈ কোৱা হৈছে ৷