গোপন দাতাৰ পৰা কিমান টকাৰ চান্দা সংগ্ৰহ কৰিলে বিজেপিয়ে?

Share This Article

ৰাজনৈতিক দলবোৰে দল চলাবলৈ চান্দা সংগ্ৰহ কৰে৷সংগ্ৰহ কৰা চান্দাৰ সৱিশেষ দলসমূহে নির্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে৷নির্বাচন আয়োগেও সেই তথ্য জনসাধাৰণৰ জ্ঞাতার্থে ৰাজহুৱা কৰে৷কিন্তু ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা চান্দাৰ দাতাৰ তথ্য গোপন হৈ ৰয়৷অর্থাৎ ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে কিদৰে গোপন দাতাৰ পৰা চান্দা সংগ্ৰহ কৰে৷

কিন্তু আপুনি জানেনে কোন দলে কিমান পৰিমাণে গোপন দাতাৰ পৰা ইলেক্টৰেল বণ্ডৰ জৰিয়তে চান্দা সংগ্ৰহ কৰে?

২০১৯-২০ বৰ্ষৰ নিৰ্বাচনত নিৰ্বাচন আয়োগত দাখিল কৰা তথ্য অনুসৰি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সংগ্ৰহ কৰিছিল ইলেক্টৰেল বণ্ডৰ তিনি চতুৰ্থাংশ চান্দা। যত মুখ্য বিৰোধী দল কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ৯ শতাংশ চান্দা৷ অর্থাৎ বিজেপিয়েই সর্বাধিক পৰিমানে গোপন দাতাৰ পৰা চান্দা সংগ্ৰহ কৰে৷কিন্তু আপুনি জানেনে কি এই ইলেক্টৰেল বণ্ড?

ইলেক্টৰেল বণ্ড হৈছে এক প্ৰকাৰৰ প্ৰমিচৰী নোট। এই নোট যিকোনো ভাৰতীয় নাগৰিক বা প্ৰতিষ্ঠানে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নিৰ্বাচিত শাখাৰ পৰা সংগ্ৰহ কৰিব পাৰে আৰু তেওঁৰ পচন্দৰ যিকোনো ৰাজনৈতিক দলক সেয়া দান কৰিব পাৰে।সহজ অর্থত বেংকৰ পৰা বণ্ড ক্ৰ্য় কৰি নিদিষ্ট ৰাজনৈতিক দলটোক দান কৰিলে,সেই দলটোয়ে পৰবর্তী পর্যায়ত বণ্ড জমা দি বেংকৰ পৰা ধন সংগ্ৰহ কৰিব পাৰে৷এই প্ৰক্ৰিয়াত সম্পূর্ন গোপনে ৰখা হয় দাতাৰ নাম । সহজ ভাষাত ইলেক্টৰেল বণ্ড দল সমূহৰ বাবে চান্দা তোলাৰ বিকল্প পথ।এতিয়া জানি লওক,কোনে কেতিয়া কিমান চান্দা সংগ্ৰহ কৰি আহিছে ইলেক্টৰেল বণ্ডৰ জৰিয়তে৷

২০১৭-১৮ বৰ্ষত বিজেপিয়ে ইলেক্টৰেল বণ্ডৰ জৰিয়তে সর্বমুঠ চান্দাৰ ২১ শতাংশ লাভ কৰিছিল৷কিন্তু ২০১৯-২০ বৰ্ষত সেই পৰিমাণ বৃদ্ধি হল ৭৪% লৈ। অৰ্থাত এই সময়ছোৱাত দলটোৰ উপাৰ্জন ১০ গুণ বৃদ্ধি পালে৷

২০১৭-১৮ বৰ্ষত ইলেক্টৰেল বণ্ডৰ যোগেদি সংগ্ৰহ হৈছিল  সর্বমুঠ ৯৮৯ কোটি টকা৷ইয়াৰে  ২১০ কোটি টকা সংগ্ৰহ কৰিছিল বিজেপিয়ে। ইয়াৰ বিপৰীতে  ২০১৯-২০ বৰ্ষত ইলেক্টৰেল বণ্ডৰ জৰিয়তে সংগ্ৰহ হৈছিল ৩,৪২৭ কোটি টকা৷কিন্তু ইয়াৰে সর্বাধিক ২,৫৫৫ কোটি টকা লাভ কৰিছিল বিজেপিয়ে৷

আনহাতে কংগ্ৰেছে ২০১৮-১৯ বৰ্ষত বণ্ডৰ জৰিয়তে ৩৮৩ কোটি টকা লাভ কৰাৰ বিপৰীতে ২০১৯-২০ বৰ্ষত বণ্ডৰ জৰিয়তে ৩১৮ কোটি টকা লাভ কৰিছিল।

ইয়াৰ উপৰিও, ২০১৯-২০ বৰ্ষত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে বণ্ডৰ জৰিয়তে ২৯.২৫ কোটি টকা, তৃণমূল কংগ্ৰেছে ১০০.৪৬ কোটি টকা, ডিএমকেয়ে ৪৫ কোটি টকা, শিৱসেনাই ৪১ কোটি টকা, ৰাষ্ট্ৰীয় জনতা দলে ২.৫ কোটি টকা আৰু আম আদমী পাৰ্টীয়ে ১৮ কোটি টকা সংগ্ৰহ কৰিছিল।

এই তথ্য অনুসৰিয়েই বিজেপি হৈছে দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দল। নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি বৰ্তমান দলটোৰ হাতত থকা নগদ ধনৰ পৰিমান ৩,৫০১ কোটি টকা । ইফালে  ২০১৯-২০ বৰ্ষত দলটোৱে ৭৩ কোটি টকাৰ ভূমি আৰু প্ৰায় ৫৯ কোটি টকাৰ অট্টালিকা ক্ৰয় কৰিছিল বিজেপিয়ে।

বিজেপিয়ে ২০১৯-২০ বৰ্ষত,বিভিন্ন কোম্পানী আৰু ব্যক্তিৰ পৰা প্ৰায় ৭৮০ কোটি টকা বৰঙণি লাভ কৰিছিল। এই পৰিমান আছিল  কংগ্ৰেছে লাভ কৰা বৰঙণিতকৈ কমেও পাঁচ গুণ অধিক।  এনচিপিয়ে একে সময়ছোৱাত ৫৯ কোটি টকা, টিএমচিয়ে ৮ কোটি টকা, চিপিএমে ১৯.৬ কোটি টকা আৰু চিপিআইয়ে ১.৯ কোটি টকাৰ বৰঙণি লাভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.