মাংস: ভোকৰ দৰে এটা মৌলিক আৰু আদিম প্ৰবৃত্তি পূৰাবলৈ মানুহক কিয় মানুহৰ ইতিহাসত পাছত উদ্ভাৱন হোৱা ধৰ্মৰ অনুমোদন লাগে?
- Donation -
কিছুমান দুৰ্বলতাৰপৰা নাটকখন মুক্ত নহয় যদিও বক্তব্যৰ এনে স্পষ্টতা আৰু সাহসিকতাৰ বাবে ‘মাংস’ স্মৰনীয়।গোৱেৰ্নিকাৰ সদস্যসকলক
জনায়ো দুটামান দুৰ্বলতাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ।পৰিচালকৰ বক্তব্যৰপৰা জানিব পাৰিলোঁ ‘মাংস’ৰ নাট্যৰূপ মানে স্ক্ৰিপ্ট গোৱেৰ্নিকাৰ সদস্যসকলে এটা কৰ্মশালাত প্ৰস্তুত কৰিছে।নাট বা চিনেমাত পৰিচালকজনৰ গুৰুত্ব যথেষ্ট যদিও দুয়োটা মাধ্যম সামূহিক প্ৰয়াস-নিৰ্ভৰ।গোৱেৰ্নিকাৰো এই সামূহিক প্ৰয়াস নিঃসন্দেহে প্ৰশংসনীয়।কিন্তু আমি মনত ৰখা ভাল এনে সামূহিক প্ৰচেষ্টাৰ চূড়ান্ত সফলতা নিৰ্ভৰ কৰে স্পষ্ট এক নাট্য দৰ্শনৰ ওপৰত।অৰ্থাৎ নাটৰ কলাত্মক আৰু সামাজিক উদ্দেশ্যধৰ্মিতা সম্পৰ্কে কম-বেছি আটায়ে সজাগ থাকিব লাগিব।নাটকখনৰ উপস্থাপনত বাস্তৱতাধৰ্মী আৰু ৰূপকাত্মক দুয়োটা শৈলী গ্ৰহণ কৰা হৈছে। মোৰ ধাৰণা,মাজে মাজে তাৰ সামঞ্জস্য ৰক্ষা কৰাত পৰিচালক সমৰ্থ হোৱা নাই ।হিমাংশুপ্ৰসাদৰদৰে অভিজ্ঞ নাট্যকৰ্মীৰ নাটকত কিছুমান দৃশ্যত উচ্চগ্ৰামৰ অভিনয়ে অলপ আমনি নিদিয়াও নহয়।বিশেষকৈ নিয়েন্ডাৰ্থাল,পুৰোহিত আৰু মৌলবী-এই তিনিটা মূল চৰিত্ৰত সুন্দৰ অভিনয়ৰ বিপৰীতে সৰহ সংখ্যক সহ অভিনেতাৰ উচ্চগ্ৰামত সংলাপ নিক্ষেপে ‘মাংস’ৰ ছিৰিয়াছ বিষয়বস্তুক কিছু দুৰ্বল কৰিছে।নাটকৰ মঞ্চসজ্জা আৰু প্ৰপছ্ সাধাৰণ আৰু বাহুল্যবৰ্জিত।আমাৰদৰে দেশত নাটকক সাধাৰণ মানুহৰ মাজলৈ নিবলৈ হ’লে ইয়াৰ বিকল্প নাই।আজি বেছ কিছু বছৰৰপৰা গুৱাহাটীৰ অন্যতম নাট্যগোষ্ঠী ‘সূৰ্য’ই এনে নাট প্ৰযোজনাৰে যথেষ্ট সফলতা লাভ কৰিছে।বাদল সৰকাৰে যোৱা শতিকাৰ সত্তৰ দশকত ‘পুওৰ থিয়েটাৰ’ৰ আৰ্হি গ্ৰহণ কৰি চহৰৰ ব্যয়বহুল মঞ্চ পৰিহাৰ কৰি গাঁৱৰ মুক্তাংগনত কম আলোক,আড়ম্বৰহীন সাজ-পোছাক,আৱহসংগীত ব্যৱহাৰ কৰি কোনো ধৰণৰ যান্ত্ৰিক উপকৰণ অবিহনে নাট মেলিছিল।বাদল সৰকাৰৰ এই গৰীৱ নাট্যৰ ধাৰণাটোৰ আঁৰত এই বিশ্বাসে কাম কৰিছিল যে আমাৰ দেশবাসী গৰীৱ,আমাৰ নাট্যগোষ্ঠীও গৰীৱ;গতিকে আমি আমাৰ সামূহিক দৰিদ্ৰতাক নাটত এনেদৰে প্ৰয়োগ কৰিম যাতে সেই দৰিদ্ৰতা প্ৰতিবন্ধক নহৈ সম্পদ হৈ পৰে।বাদল সৰকাৰৰ এই বিশ্বাস অসমৰদৰে নাট-চিনেমাৰ আচল কদৰ নুবুজা ৰাজ্যত আজিও প্ৰাসংগিক বুলি ভাবোঁ।বিশেষকৈ ‘মাংস’ৰদৰে সাহসী বিষয়বস্তুৰ নাটকৰ বেলিকা স্প’নচৰ বা পৃষ্ঠপোষক ইয়াত সহজে পোৱাৰ আশা কম।এনে সামাজিক-ৰাজনৈতিক বক্তব্য-প্ৰধান নাটৰ মঞ্চায়ন গুৱাহাটীতে সীমিত নাৰাখি সৰু চহৰ আৰু গাঁৱতো সাধাৰণ দৰ্শকৰ বাবে পৰীক্ষামূলকভাবে কৰিব পাৰি।