কোনে কি দপ্তৰ হেৰুৱালে?

Share This Article

সলনি হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভা৷মন্ত্ৰীসভাত অন্তভুক্ত হ’ল দুজন নতুন মন্ত্ৰী৷সমান্তৰালভাবে ৰাজ্য চৰকাৰে কেইবাজনো মন্ত্ৰীৰ দপ্তৰ সলনি আৰু কৰ্তন কৰিছে।সেই অনুসৰি চন্দ্রমোহন পাটোৱাৰীৰ পৰা পৰিবহন বিভাগ কর্তন কৰা হৈছে৷ পৰিমল শুক্লবৈদ্যৰ পৰা কর্তন কৰা হৈছে বন বিভাগ৷তাৰ সলনি চন্দ্ৰমোহন পাটোৱাৰীক বন আৰু পৰিৱেশ দপ্তৰৰ দায়িত্ব ৷ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কৰ্তন কৰি জয়ন্ত মল্লবৰুৱাক অৰ্পণ কৰা হৈছে। বিমল বৰাৰ পৰা শক্তি বিভাগ কৰ্তন কৰি নন্দিতা গাৰ্লোছাক অৰ্পণ কৰা হৈছে। বিমল বৰাক নতুনকৈ উদ্যোগ আৰু বাণিজ্য বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৱকাৰী আৰু মীন বিভাগ পূৰ্বৰ দৰে পৰিমল শুক্লবৈদ্যৰ দায়িত্বতেই আছে ।পূৰ্বৰ দৰে সংস্কৃতিক পৰিক্ৰমা বিভাগ এতিয়াও বিমল বৰাৰ হাততেই । মন্ত্ৰী পীয়ূষ হাজৰিকাক নতুনকৈ সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে । অজন্তা নেওগক নতুনকৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে।
বর্তমান কাৰ হাতত কি দপ্তৰ-
ৰঞ্জিত কুমাৰ দাস– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন
অতুল বৰা– কৃষি, উদ্যান শস্য,পশুপালন , সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ন বিভাগ
উৰ্খাও গৌৰা ব্ৰহ্ম– হস্ত তাঁত ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন
চন্দ্ৰমোহন পাটোৱাৰী- বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন
পৰিমল শুক্লবৈদ্য– পৰিবহন, মীন, আবকাৰী বিভাগ
কেশৱ মহন্ত – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেশ্যন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ
ৰণোজ পেগু– শিক্ষা, জনজাতীয় উন্নয়ন
অশোক সিংহাল– হাউচিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন
যোগেন মহন- ৰাজহ, পাহাৰ উন্নয়ন
সঞ্জয় কিষান- চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ
অজন্তা নেওঁগ– বিত্ত, মহিলা আৰু শিশু উন্নয়ন
পীয়ুষ হাজৰিকা– জলসম্পদ, জনসংযোগ আৰু সামাজিক ন্যায়
বিমল বৰা– উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা
নন্দিতা গাৰ্লোচা– শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদ
জয়ন্ত মল্ল বৰুৱা– জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.