মাংস: ভোকৰ দৰে এটা মৌলিক আৰু আদিম প্ৰবৃত্তি পূৰাবলৈ মানুহক কিয় মানুহৰ ইতিহাসত পাছত উদ্ভাৱন হোৱা ধৰ্মৰ অনুমোদন লাগে?

Share This Article
মুনীন বায়ন
হিমাংশুপ্ৰসাদ দাস পৰিচালিত ‘মাংস’ কালি চালোঁ।অপু ভৰদ্বাজৰ একে নামৰ গল্পৰ আধাৰত গোৱেৰ্নিকাৰ আৰ্টিষ্ট ফেক্টৰীৰ সদস্যসকলে কৰা নাটকখন সামগ্ৰিকভাবে ভাল লাগিল।ভাল লাগিল আন এটা কথাতো যে ৰবীন্দ্ৰ ভৱনত দৰ্শকেৰে ভৰ্তি প্ৰেক্ষাগৃহত নাটখন চালোঁ।সাম্প্ৰতিক ভাৰতৰ এক জ্বলন্ত বিষয় নাটকখনৰ জৰিয়তে তুলি ধৰা হৈছে।ধৰ্মৰ নামত মানুহৰ খাদ্যাভ্যাস লৈ মানুহক অবদমন,নিপীড়ন কৰা আজিৰ ভাৰতত ধৰ্মীয় পৰিচিতি-ৰাজনীতিৰ অংগ হৈ পৰিছে।হঠাৎ এক নিয়েন্ডাৰ্থাল সন্ততি এই আধুনিক পৃথিৱীত উপস্থিত হৈ জানিব পাৰিলে ইয়াত ভোক নিবাৰণৰ বাবে কোনে কি খাব তাত ধৰ্মৰ অনুমোদন লাগে।অথচ আদিম মানুহে শৰীৰৰ তাড়নাত এদিন ভোক কি বস্তু বুজি উঠিছিল।ভোকৰদ্বাৰাই খাদ্য আৱিষ্কাৰ কৰিছিল।অৰ্থাৎ ধৰ্ম নাথাকিলে আমাৰ হয়তো খাদ্যৰ ভিন্নতাও নাথাকিলহেঁতেন?গল্পকাৰ আৰু পৰিচালকে মানুহৰ খাদ্যাভ্যাসৰ আঁৰত থকা ভৌগোলিক-জলবায়বীয় আৰু সাংস্কৃতিক কাৰণবোৰলৈ স্বাভাবিকতে যোৱা নাই।কিন্তু তেওঁলোকে দৰ্শকৰ সন্মুখত মূল চৰিত্ৰৰ হতুৱাই কেইটামান জৰুৰী প্ৰশ্ন নিক্ষেপ কৰিছে।ভোকৰদৰে এটা মৌলিক আৰু আদিম প্ৰবৃত্তি পূৰাবলৈ মানুহক কিয় মানুহৰ ইতিহাসত পাছত উদ্ভাৱন হোৱা ধৰ্মৰ অনুমোদন লাগে?নিজক ভাল পাবলৈ হ’লে আজিৰ পৃথিৱীত কিয় কাৰোবাক বেয়া পাব লাগিব?নাটকখনৰ ধেমেলীয়া আৱহৰ মাজতে এনে কিছুমান মৌলিক প্ৰসংগ গুৰুত্ব সহকাৰে উপস্থাপনত পৰিচালক সফল হৈছে।

কিছুমান দুৰ্বলতাৰপৰা নাটকখন মুক্ত নহয় যদিও বক্তব্যৰ এনে স্পষ্টতা আৰু সাহসিকতাৰ বাবে ‘মাংস’ স্মৰনীয়।গোৱেৰ্নিকাৰ সদস্যসকলক

অভিনন্দন

জনায়ো দুটামান দুৰ্বলতাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ।পৰিচালকৰ বক্তব্যৰপৰা জানিব পাৰিলোঁ ‘মাংস’ৰ নাট্যৰূপ মানে স্ক্ৰিপ্ট গোৱেৰ্নিকাৰ সদস্যসকলে এটা কৰ্মশালাত প্ৰস্তুত কৰিছে।নাট বা চিনেমাত পৰিচালকজনৰ গুৰুত্ব যথেষ্ট যদিও দুয়োটা মাধ্যম সামূহিক প্ৰয়াস-নিৰ্ভৰ।গোৱেৰ্নিকাৰো এই সামূহিক প্ৰয়াস নিঃসন্দেহে প্ৰশংসনীয়।কিন্তু আমি মনত ৰখা ভাল এনে সামূহিক প্ৰচেষ্টাৰ চূড়ান্ত সফলতা নিৰ্ভৰ কৰে স্পষ্ট এক নাট্য দৰ্শনৰ ওপৰত।অৰ্থাৎ নাটৰ কলাত্মক আৰু সামাজিক উদ্দেশ্যধৰ্মিতা সম্পৰ্কে কম-বেছি আটায়ে সজাগ থাকিব লাগিব।নাটকখনৰ উপস্থাপনত বাস্তৱতাধৰ্মী আৰু ৰূপকাত্মক দুয়োটা শৈলী গ্ৰহণ কৰা হৈছে। মোৰ ধাৰণা,মাজে মাজে তাৰ সামঞ্জস্য ৰক্ষা কৰাত পৰিচালক সমৰ্থ হোৱা নাই ।হিমাংশুপ্ৰসাদৰদৰে অভিজ্ঞ নাট্যকৰ্মীৰ নাটকত কিছুমান দৃশ্যত উচ্চগ্ৰামৰ অভিনয়ে অলপ আমনি নিদিয়াও নহয়।বিশেষকৈ নিয়েন্ডাৰ্থাল,পুৰোহিত আৰু মৌলবী-এই তিনিটা মূল চৰিত্ৰত সুন্দৰ অভিনয়ৰ বিপৰীতে সৰহ সংখ্যক সহ অভিনেতাৰ উচ্চগ্ৰামত সংলাপ নিক্ষেপে ‘মাংস’ৰ ছিৰিয়াছ বিষয়বস্তুক কিছু দুৰ্বল কৰিছে।নাটকৰ মঞ্চসজ্জা আৰু প্ৰপছ্ সাধাৰণ আৰু বাহুল্যবৰ্জিত।আমাৰদৰে দেশত নাটকক সাধাৰণ মানুহৰ মাজলৈ নিবলৈ হ’লে ইয়াৰ বিকল্প নাই।আজি বেছ কিছু বছৰৰপৰা গুৱাহাটীৰ অন্যতম নাট্যগোষ্ঠী ‘সূৰ্য’ই এনে নাট প্ৰযোজনাৰে যথেষ্ট সফলতা লাভ কৰিছে।বাদল সৰকাৰে যোৱা শতিকাৰ সত্তৰ দশকত ‘পুওৰ থিয়েটাৰ’ৰ আৰ্হি গ্ৰহণ কৰি চহৰৰ ব্যয়বহুল মঞ্চ পৰিহাৰ কৰি গাঁৱৰ মুক্তাংগনত কম আলোক,আড়ম্বৰহীন সাজ-পোছাক,আৱহসংগীত ব্যৱহাৰ কৰি কোনো ধৰণৰ যান্ত্ৰিক উপকৰণ অবিহনে নাট মেলিছিল।বাদল সৰকাৰৰ এই গৰীৱ নাট্যৰ ধাৰণাটোৰ আঁৰত এই বিশ্বাসে কাম কৰিছিল যে আমাৰ দেশবাসী গৰীৱ,আমাৰ নাট্যগোষ্ঠীও গৰীৱ;গতিকে আমি আমাৰ সামূহিক দৰিদ্ৰতাক নাটত এনেদৰে প্ৰয়োগ কৰিম যাতে সেই দৰিদ্ৰতা প্ৰতিবন্ধক নহৈ সম্পদ হৈ পৰে।বাদল সৰকাৰৰ এই বিশ্বাস অসমৰদৰে নাট-চিনেমাৰ আচল কদৰ নুবুজা ৰাজ্যত আজিও প্ৰাসংগিক বুলি ভাবোঁ।বিশেষকৈ ‘মাংস’ৰদৰে সাহসী বিষয়বস্তুৰ নাটকৰ বেলিকা স্প’নচৰ বা পৃষ্ঠপোষক ইয়াত সহজে পোৱাৰ আশা কম।এনে সামাজিক-ৰাজনৈতিক বক্তব্য-প্ৰধান নাটৰ মঞ্চায়ন গুৱাহাটীতে সীমিত নাৰাখি সৰু চহৰ আৰু গাঁৱতো সাধাৰণ দৰ্শকৰ বাবে পৰীক্ষামূলকভাবে কৰিব পাৰি।

শেষত আকৌ কৈছোঁ মই উল্লেখ কৰা দুৰ্বলতাবোৰেই শেষ কথা নহয়।মাংস’ৰ প্ৰযোজনাৰ আঁৰত এনে কিছুমান সামাজিক সম্ভাবনা আছে যাৰ দ্বাৰা আমি ভৱিষ্যতে সামূহিকভাবে উপকৃত হ’ব পাৰোঁ।পৰিচালক হিমাংশুপ্ৰসাদ দাস,গল্পকাৰ অপু ভৰদ্বাজ আৰু গোৱেৰ্নিকাৰ সদস্যসকলক ধন্যবাদ।
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.