সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি আছে গো সুৰক্ষা বিধেয়কত ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভাত উত্থাপন কৰে অসম গো সুৰক্ষা বিধেয়ক -২০২১ ৷ চলিত অধিৱেশনতে এই বিধেয়ক আইনত পৰিণত হ’ব ৷ কি আছে বহু চৰ্চিত এই বিধেয়কখনত –

  • জধে মধে গো মাংস কটা , বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ হ’ব ৷
  • হিন্দু , জৈন , শিখ আৰু গো – মাংস ভক্ষণ নকৰা লোকৰ এলেকা তথা মন্দিৰ , সত্ৰৰ পৰা ৫ কি: মি: ব্যাসাৰ্ধৰ ভিতৰত গো মাংস বিক্ৰী কৰিব নোৱাৰিব ৷
  • চৰকাৰৰ অনুমতি অবিহনে অসমৰ মাজেৰে অন্য ৰাজ্যলৈ , অসমৰ কোনো স্থানৰ পৰা গো মাংস কটাত আইনী বাধা নথকা অন্য ৰাজ্যলৈ গৰু সৰবৰাহ কৰিব নোৱাৰিব ৷
  • এখন জিলাৰ ভিতৰত কৃষি কৰ্মত ব্যৱহাৰৰ বাবে গৰু সৰবৰাহ কৰাত বাধা নাথাকিব৷
  • পঞ্জীয়নভুক্ত বজাৰৰ পৰা আন পঞ্জীয়নভুক্ত পশু বজাৰলৈ গো ধন সৰবৰাহত বাধা নাথাকিব ৷

- Donation -

Leave A Reply

Your email address will not be published.