নতুন ৰূপত গৌৰৱ গগৈ !

Share This Article

লোকসভাৰ বিৰোধী দলপতিৰ আসনৰ দৌৰত আছে অসমৰ সাংসদ গৌৰৱ গগৈ ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , লোকসভাত কংগ্ৰেছৰ সংসদীয় দলৰ নেতাৰ আসনৰ পৰা অধীৰ ৰঞ্জন চৌধুৰীক অপসাৰণ কৰাৰ সম্ভাৱণা প্ৰবল ৷ দলটোৰ কেবাগৰাকীও শীৰ্ষ নেতাৰ হেচাৰ পাছত হাইকামাণ্ডে এই সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে ৷  কিন্তু লোকসভাত কোন হ’ব কংগ্ৰেছৰ সংসদীয় দলৰ নেতা ?

চৰ্চাত আছে পাঁচগৰাকী নেতাৰ নাম ৷ তেওলোক হ’ল – শশী থাৰুৰ , মণীষ তিৱাৰী , গৌৰৱ গগৈ , ৰণভিত সিংহ বিট্টু আৰু উত্তম কুমাৰ ৰেড্ডী ৷  ইয়াৰ পূৰ্ৱে গৌৰৱ গগৈৰ লোকসভাত কংগ্ৰেছৰ উপ- দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে ৷ দলপতিৰ দৌৰত থকা আন নেতাসকলৰ ভিতৰত ৰণভিত লুধিয়ানাৰ সাংসদ ৷ উত্তম কুমাৰ নিৰ্বাচিত হৈ আহিছে তেলেংগানাৰ নালগোন্দা আসনৰ পৰা ৷ গান্ধী পৰিয়ালৰ ঘণিষ্ঠ হিচাপেই তেও পৰিচিত ৷ কিন্তু ৰাহুল গান্ধীৰ অধিক বিশ্বস্ত হ’ল গৌৰৱ গগৈ ৷

অহা ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশনতে নতুন ৰূপ দেখা যাব পাৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.