সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ- পূৱত নিয়ন্ত্ৰণহীন কোভিড : আজি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

ভাৰতত ক’ৰোণাৰ নতুন হটস্পটত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল ৷ যোৱা এটা সপ্তাহত দেশৰ মুঠ ৫৮ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ ওপৰত আছে ৷ ইয়াৰে ৩৭ খন জিলাই হ’ল উত্তৰ -পূৱৰ ৷ ১০ শতাংশতকৈ অধিক লোক সংক্ৰমিত হোৱা জিলাসমূহৰ ভিতৰত আছে  অৰুণাচল প্ৰদেশৰ ৫ খন  , অসমৰ ৪ খন , মণিপুৰৰ ৮ খন , মেঘালয়ৰ ৭ খন, মিজোৰামৰ ৩ খন , নাগালেণ্ডৰ ৩ খন , ছিকিমৰ ৪ খন আৰু ত্ৰিপুৰাৰ ৩ খন জিলা ৷ উত্তৰ – পূৱৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে উত্তৰ পূৱৰ ৰাজ্যসমূহত আৰ টি  – পি চি আৰ টেষ্ট বৃদ্ধি কৰাৰ লগতে কনটেইন্টমেন জ’নৰ ক্ষেত্ৰত অধিক সাৱধান হ’বলৈ সকীয়াই দিছে ৷ কিন্তু তাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই উত্তৰ – পূৱৰ কোভিড পৰিস্থিতি ৷ সামগ্ৰিকভাৱে পৰিস্থিতিৰ বিশ্লেষণ কৰিবলৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে এক ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

উত্তৰ-পূৱৰ কোভিড পৰিস্থিতি

- Donation -

Leave A Reply

Your email address will not be published.