উত্তৰ- পূৱত নিয়ন্ত্ৰণহীন কোভিড : আজি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

Share This Article

ভাৰতত ক’ৰোণাৰ নতুন হটস্পটত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল ৷ যোৱা এটা সপ্তাহত দেশৰ মুঠ ৫৮ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ ওপৰত আছে ৷ ইয়াৰে ৩৭ খন জিলাই হ’ল উত্তৰ -পূৱৰ ৷ ১০ শতাংশতকৈ অধিক লোক সংক্ৰমিত হোৱা জিলাসমূহৰ ভিতৰত আছে  অৰুণাচল প্ৰদেশৰ ৫ খন  , অসমৰ ৪ খন , মণিপুৰৰ ৮ খন , মেঘালয়ৰ ৭ খন, মিজোৰামৰ ৩ খন , নাগালেণ্ডৰ ৩ খন , ছিকিমৰ ৪ খন আৰু ত্ৰিপুৰাৰ ৩ খন জিলা ৷ উত্তৰ – পূৱৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে উত্তৰ পূৱৰ ৰাজ্যসমূহত আৰ টি  – পি চি আৰ টেষ্ট বৃদ্ধি কৰাৰ লগতে কনটেইন্টমেন জ’নৰ ক্ষেত্ৰত অধিক সাৱধান হ’বলৈ সকীয়াই দিছে ৷ কিন্তু তাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই উত্তৰ – পূৱৰ কোভিড পৰিস্থিতি ৷ সামগ্ৰিকভাৱে পৰিস্থিতিৰ বিশ্লেষণ কৰিবলৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে এক ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

উত্তৰ-পূৱৰ কোভিড পৰিস্থিতি
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.