সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আপোনাৰ শিশুটি আপোনাৰ ঘৰখনতেই আজি সুৰক্ষিত হৈ আছেনে?

কালি অসমৰ ৪২ টাকৈ শিশু,শিশু সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে৷চিকিমৰ পৰা এই সকল শিশুক ঘূৰাই অনাৰ পিছতেই জৰুৰী বৈঠকৰো আহ্বান কৰিলে হিমন্ত বিশ্ব শর্মাই৷আপুনিও যদি কোনো শিশুৰ পিতৃ-মাতৃ অথবা অভিভাবক,তেন্তে এই বিষয়টো অপুনিও গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত৷আপুনিও জনা উচিত বা জানিবলৈ চেষ্টা কৰা উচিত,কোনে কেনেকৈ ৰাজ্যত এইদৰে চলাই আহিছে মানব শিশুৰ সৰবৰাহ৷আপুনি জনা উচিত,শিশু সকলক কলৈ লৈ যোৱা হয়,তেওলোকক কি কৰা হয়?এই জানিবলগীয়া সমস্ত বিষয় আৰক্ষীৰ তদন্তই পোহৰলৈ আনিব৷কিন্তু আমি আপোনালোকক জনাব পাৰো,বিগত বছৰ কেইটাত অসমৰ কিমান শিশু বাহিৰলৈ সৰবৰাহ কৰা হল,কিমান শিশুক উদ্ধাৰ কৰা হল অথবা এই জঘন্য অপৰাধত জড়িত কেইজন অপৰাধীক শাস্তি প্ৰদান কৰা হল৷এই তথ্য জানি আপোনাৰ কোনো লাভ নহব পাৰে,কিন্তু এই তথ্য জনাৰ পিছত আপুনি পুনৰ এবাৰ ভাবিলৈ বাধ্য হব,আপোনাৰ শিশুটি আপোনাৰ ঘৰখনতেই আজি সুৰক্ষিত হৈ আছেনে?

নেচনেল ক্ৰাইম ব্যু ৰেকর্ডৰ তথ্য অনুসৰি ২০১৭,২০১৮ আৰু ২০১৯ চনলৈ এই তিনিটা বছৰতেই অসমত নিৰুদ্দের্শ হৈছিল ৪২১১ টা শিশু৷

- Donation -

তথ্য অনুসৰি ২০১৭ চনৰ আৰম্ভনীলৈকে অসমত নিৰুদ্দের্শ হৈ আছিল ৪৮৯ গৰাকী শিশু৷২০১৭ চনত নিৰুদ্দেশ হল অতিৰিক্ত ১১৬২ গৰাকী শিশু৷সেই অনুসৰি ২০১৭ চনত অসম নিৰুদ্দেশ হৈ থকা শিশুৰ সংখ্যা হলগৈ ১৬৫১ টা শিশু৷আনহাতে সেই বছৰটোত উদ্ধাৰ হল সর্বমুঠ ১১৭০ গৰাকী শিশু৷সেই অনুসৰি ২০১৮ চনৰ আৰম্ভণীলৈ অসম নিৰুদ্দের্শ হৈ ৰোৱা শিশুৰ সংখ্যা হলগৈ ৪৮১ গৰাকী৷কিন্তু সেই বছৰটোত নতুনকৈ নিৰুদ্দেশ হল ১৬৩৯ গৰাকী শিশু৷অর্থাৎ বছৰটোত অসমত নিৰুদ্দেশ হৈ ৰোৱা শিশুৰ সংখ্যা হলগৈ ২১২০ গৰাকী৷আনহাতে বছৰটোত উদ্ধাৰ হল মাত্ৰ ১৪৬১ গৰাকী শিশু৷বিপৰীতে নিৰুদ্দেশ হৈ ৰল ৬৫৯ গৰাকী শিশু৷২০১৯ চনত নতুনকৈ নিৰুদেশ হল ১৪১০ গৰাকী শিশু৷অর্থাৎ ২০১৯ চনত অসমত নিৰুদ্দেশ হৈ ৰল ২০৬৭ গৰাকী শিশু৷বছৰটোত উদ্ধাৰ হল ১৩৮৯ গৰাকী শিশু৷বিপৰীতে ২০১৯ চনলৈ অসমত নিৰুদেশ হৈ ৰল ৬৭৮ গৰাকী শিশু৷এইয়া আছিল নেচনেল ক্ৰাইম ব্যু ৰেকর্ডৰ তথ্য৷এই তথ্য অনুসৰিয়েই পূর্বৰ হিচাপ বাদ দিও,২০১৭ চনৰ পৰা ২০১৯ চনলৈ তিনিতা বছৰত অসমত নিৰুদ্দেশ হৈছিল সর্বমুঠ ৪২১১ গৰাকী মানব শিশু৷

আনহাতে ২০২০ চনৰ ১৭ মার্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লোকসভাত ডাঙি ধৰা তথ্য অনুসৰি অসম মানব সৰবৰাহৰ ঘটনাৰ ক্ষেত্ৰত খুবেই আগবঢ়া৷২০১৬ চনৰ পৰা ২০১৮ চনলৈ দেশৰ ভিতৰত সর্বাধিক মানব সৰবৰাহৰ ঘটনা সংঘটিত হৈছিল ঝাৰখণ্ডত৷ঝাৰখণ্ডত এই তিনিটা বছৰত সংঘটিত হৈছিল ৮৫৫ টা মানব সৰবৰাহৰ ঘটনা৷ইয়াৰ পিছত আছে মধ্যপ্ৰদেশ৷এই তালিকাৰ তৃতীয় স্থানত আছে অসম৷ অসমত এই তিনিটা বছৰত সংঘটিত হৈছে সর্বমুঠ ৬১৫ টা মানব সৰবৰাহৰ ঘটনা৷কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি সমগ্ৰ দেশতে ২০১৬ চনত মানব সৰবৰাহৰ লগত জড়িত ১৫৯ গৰাকী অপৰাধীক দোষী সাব্যস্ত কৰা হয়৷২০১৭ চনত দোষী সাব্যস্ত হয় ২৪৯ গৰাকী আৰু ২০১৮ চনত সাব্যস্ত হয় ৪৩২ গৰাকী৷কিন্তু অসমৰ ক্ষেত্ৰত এই তিনিটা বছৰতেই দোষী সাব্যস্তৰ সংখ্যা শূণ্য৷গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰিয়েই দেশৰ ভিতৰতে শিশু সৰবাৰাহৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়৷লোকসভাত ভাৰত চৰকাৰে তুলি ধৰা একেই তথ্য অনুসৰি ২০১৭ চনত অসমত ১৫২ গৰাকী শিশু সৰবৰাহৰ বলি হৈছিল৷প্ৰথম স্থানৰ পশ্চিম বংগত সৰবৰাহ হৈছিল ২৯৮ গৰাকী শিশু আৰু দিতীয় স্থানৰ ৰাজাস্থানত সৰবৰাহ হৈছিল ২০০ গৰাকী শিশু৷অসমৰ চুবুৰীয়া মিজোৰাম,নাগালেণ্ড,অৰুণাচল আদি ৰাজ্যত এনে ঘটনাৰ সংখ্যা আছিল শূন্য৷

কালি চিকিমৰ পৰা উদ্ধাৰ হল অসমৰ ৪২ গৰাকী শিশু৷শিশু সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ হল ৪২ গৰাকী শিশু৷কিন্ত এনেদৰে কিমান শিশুয়ে আজিও সৰবৰাহকাৰীৰ কবলত নিজকে সমপর্ণ কৰিব লগা

Leave A Reply

Your email address will not be published.