শ্ৰেণী ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোডীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক কিয় দিলে সমবায় মন্ত্ৰীৰ দায়িত্ব?

নিয়ৰ ডেকাৰ কলমত- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ বিশ্বস্ত সহযোগী বুলি গণ্য কৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত অৰ্পণ কৰা হ’ল আন এটা নতুন মন্ত্ৰালয়ৰ দায়িত্ব। যোৱা ৭ জুলাইত হোৱা কেবিনেট সম্প্ৰসাৰণত দেশৰ প্ৰশাসনিক ব্যৱস্থাত সমবায় মন্ত্ৰালয় নামে এক নৱতম সংযোজন কৰে…

গৰু , গাহৰিক লৈ কি কয় হিন্দু – মুছলমানে ? Pew Research Center ৰ ডাঙৰ সমীক্ষা ৷ পঢ়ক সবিশেষ-

৭২ শতাংশ হিন্দুৱে ভাবে যে যিসকল লোকে গো মাংস ভক্ষণ কৰে , তেওলোক কেতিয়াও হিন্দু হ’ব নোৱাৰে ৷ আনহাতে , ৭৭ শতাংশ মুছলমানে বিশ্বাস কৰে যে যিসকল লোকে গাহৰি মাংস ভক্ষণ কৰে তেওলোক কেতিয়াও মুছলমান হ’ব নোৱাৰে ৷

“টীম মোদী”ৰ ৪২% মন্ত্ৰী অপৰাধত অভিযুক্ত , ৯০ % কৌটিপতি

নতুন ৰূপত গঠন হ’ল মোদী মন্ত্ৰীসভা ৷ ৩৬ খন নতুন মুখেৰে নৰেন্দ্ৰ মোদীৰ ৭৮ জনীয়া নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিলে ৷নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভা সন্দৰ্ভত এছোচিয়েট ডেএম’ক্ৰেটিক ৰিফ’ৰ্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷এ ডি আৰৰ তথ্য অনুসৰি…

কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

কৰোনাৰ আতংক অব্যাহত৷তাৰমাজতে কেৰালাত এতিয়া জিকা ভাইৰাছৰ আতংক  আৰম্ভ হৈছে৷কিন্তু কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ? জিকা ভাইৰাছ হৈছে এডিচ প্ৰজাতিৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছ৷এডিচ প্ৰজাতিৰ মহে সাধাৰণতে দিনত কামোৰে আৰু ডেংগু-সালধীয়া জ্বৰ আদি ৰোগত মানুহক…

মুখ সলনি হল৷সলনি হবনে মোদী চৰকাৰৰ চৰিত্ৰ ?

মুখ সলনি হল৷সলনি হবনে চৰিত্ৰ?ব্যাপক ৰদ বদল হল মোদী চৰকাৰৰ৷নতুন মুখে সলনি কৰিলে মোদী চৰকাৰক৷কিন্তু প্ৰশ্ন হয়-এইবাৰ চৰিত্ৰও সলনি হবনে মোদী চৰকাৰৰ? মোদী কেবিনেটত কাৰোবাক নতুনকৈ সংযোজন কৰা হল,কাৰোবাক প্ৰমোচন দিয়া হল৷সমান্তৰালভাবে কাৰোবাক বিদায় দিয়া হল মন্ত্ৰীসভাৰ পৰা৷বিদায় দিয়াৰ আঁৰত…

প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল!কোন কোন থাকিব প্ৰশান্ত কিশোৰৰ বিজেপি বিৰোধী অভিযানত?

বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যহ্বান কেৱল কংগ্ৰেছ,আপ অথবা তৃণমূল কংগ্ৰেছ নহয়৷ বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যাহ্বান প্ৰশান্ত কিশোৰৰ নিজা দল৷বিহাৰৰ পৰা আৰম্ভ হব প্ৰাশান্ত কিশোৰৰ ৰাজনৈতিক অভিযান৷ দেশজুৰি আৰম্ভ হৈছে বিজেপি বিৰোধী মহাশক্তি গঠনৰ কুচকাৱাজ৷প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দুর্বল ভূমিকাৰ মাজতে বিজেপি…

মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-

পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব’র্ডৰ৷ কিন্তু  ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত  প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ মাজতে আজি অন্ত পৰিল আন এটা পৰীক্ষাৰ…

ভাৰতত কিয় এতিয়াও উপলব্ধ হোৱা নাই আমেৰিকান ভেকচিন ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ভাৰতক প্ৰদান কৰা ভেকচিনসমূহ এতিয়াও সৰ্বসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই ৷ অথচ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে লাভ কৰিছে আমেৰিকান ভেকচিন ৷  কিন্তু কিয় ? বাখ্যা আগবঢ়াইছে আমেৰিকান এম্বেছীয়ে ৷ আমেৰিকান এম্বেছীৰ মতে , ভাৰতক…

নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?

ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে – অভিজ্ঞতা…

কোন ১১ জন মন্ত্ৰীয়ে পদত্যাগ কৰিলে মোডী কেবিনেটৰ পৰা?

জল্পনা কল্পনা অব্যাহত আছে নৰেন্দ্ৰ মোডীৰ সম্প্ৰসাৰিত কেবিনেটক লৈ৷সম্প্ৰসাৰিত মোডী কেবিনেটত কোনে কি দপ্তৰ লাভ কৰিব,অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক কি দপ্তৰ প্ৰদান কৰা হব-এইধৰণৰ উৎকন্ঠা অব্যাহত থকাৰ মাজতে,মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে ১১ জন মন্ত্ৰীয়ে৷ইয়াৰ ভিতৰত আছে স্বাস্থ্যমন্ত্ৰী হর্ষ…