কোন ১১ জন মন্ত্ৰীয়ে পদত্যাগ কৰিলে মোডী কেবিনেটৰ পৰা?

Share This Article

জল্পনা কল্পনা অব্যাহত আছে নৰেন্দ্ৰ মোডীৰ সম্প্ৰসাৰিত কেবিনেটক লৈ৷সম্প্ৰসাৰিত মোডী কেবিনেটত কোনে কি দপ্তৰ লাভ কৰিব,অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক কি দপ্তৰ প্ৰদান কৰা হব-এইধৰণৰ উৎকন্ঠা অব্যাহত থকাৰ মাজতে,মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে ১১ জন মন্ত্ৰীয়ে৷ইয়াৰ ভিতৰত আছে স্বাস্থ্যমন্ত্ৰী হর্ষ বর্ধন,শিক্ষামন্ত্ৰী ৰমেশ পখৰিয়াল,ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশ্বীনি চৌধাৰী,মহিলা আৰু শিশু সবলীকৰণ মন্ত্ৰী দেবশ্ৰী চৌধাৰী,মন্ত্ৰী সদানন্দ গৌড়া,শন্তোষ গংগাৰ,সঞ্জয় ধত্ৰী,বাবুল সুপ্ৰিয়,প্ৰতাপ সাৰাংগী আৰু ৰাতুল কাতাৰীয়া৷এই এঘাৰজন মন্ত্ৰীৰ পদত্যাগৰ পিছতেই মোডী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ সংখ্যা ৫৩ জনৰ পৰা এতিয়া হ্ৰাস হল ৪২ জনলৈ৷সেই অনুসৰি মোডী কেবিনেটত নতুনকৈ ৩৯ জন মন্ত্ৰীয়ে স্থান লাভ কৰাৰ সুযোগ আছে যদিও,সর্বানন্দ সোণোৱালসহ ২৪ জন নতুন মুখৰ কথাহে বর্তমান চর্চালৈ আহিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.