সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোন ১১ জন মন্ত্ৰীয়ে পদত্যাগ কৰিলে মোডী কেবিনেটৰ পৰা?

জল্পনা কল্পনা অব্যাহত আছে নৰেন্দ্ৰ মোডীৰ সম্প্ৰসাৰিত কেবিনেটক লৈ৷সম্প্ৰসাৰিত মোডী কেবিনেটত কোনে কি দপ্তৰ লাভ কৰিব,অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক কি দপ্তৰ প্ৰদান কৰা হব-এইধৰণৰ উৎকন্ঠা অব্যাহত থকাৰ মাজতে,মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে ১১ জন মন্ত্ৰীয়ে৷ইয়াৰ ভিতৰত আছে স্বাস্থ্যমন্ত্ৰী হর্ষ বর্ধন,শিক্ষামন্ত্ৰী ৰমেশ পখৰিয়াল,ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশ্বীনি চৌধাৰী,মহিলা আৰু শিশু সবলীকৰণ মন্ত্ৰী দেবশ্ৰী চৌধাৰী,মন্ত্ৰী সদানন্দ গৌড়া,শন্তোষ গংগাৰ,সঞ্জয় ধত্ৰী,বাবুল সুপ্ৰিয়,প্ৰতাপ সাৰাংগী আৰু ৰাতুল কাতাৰীয়া৷এই এঘাৰজন মন্ত্ৰীৰ পদত্যাগৰ পিছতেই মোডী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ সংখ্যা ৫৩ জনৰ পৰা এতিয়া হ্ৰাস হল ৪২ জনলৈ৷সেই অনুসৰি মোডী কেবিনেটত নতুনকৈ ৩৯ জন মন্ত্ৰীয়ে স্থান লাভ কৰাৰ সুযোগ আছে যদিও,সর্বানন্দ সোণোৱালসহ ২৪ জন নতুন মুখৰ কথাহে বর্তমান চর্চালৈ আহিছে৷

Leave A Reply

Your email address will not be published.