সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ সলনি হল৷সলনি হবনে মোদী চৰকাৰৰ চৰিত্ৰ ?

মুখ সলনি হল৷সলনি হবনে চৰিত্ৰ?ব্যাপক ৰদ বদল হল মোদী চৰকাৰৰ৷নতুন মুখে সলনি কৰিলে মোদী চৰকাৰক৷কিন্তু প্ৰশ্ন হয়-এইবাৰ চৰিত্ৰও সলনি হবনে মোদী চৰকাৰৰ?

মোদী কেবিনেটত কাৰোবাক নতুনকৈ সংযোজন কৰা হল,কাৰোবাক প্ৰমোচন দিয়া হল৷সমান্তৰালভাবে কাৰোবাক বিদায় দিয়া হল মন্ত্ৰীসভাৰ পৰা৷বিদায় দিয়াৰ আঁৰত আছে ১২ জনকৈ মন্ত্ৰীৰ ব্যর্থতা৷বিগত দুটা বছৰৰ ব্যর্থতাৰ বাবে বিদায় দিয়া হল ১২ জন মন্ত্ৰীক৷একেদৰে সফলতাৰ বাবে বহুতক প্ৰমোচনো দিয়া হল ৰাজ্যিক মন্ত্ৰীৰ পৰা কেবিনেট মন্ত্ৰীলৈ৷কিন্তু দুর্ভাগ্যৰ কথা ১২ জন মন্ত্ৰীক লৈ নৰেন্দ্ৰ মোদী বিতুষ্ট হোৱাৰ বিপৰীতে,সুখী হল মাত্ৰ ৮ জন মন্ত্ৰীক লৈ৷সফলতা আৰু বিফলতাৰ ভিত্তিতেই কেবিনেট সম্প্ৰসাৰণ আৰু ৰদ বদল কৰা হৈছে বুলি দাবী কৰা হৈছে যদিও,ইয়াৰ আঁৰত আছে আন কিছুমান গোপন উদেশ্যও৷সেই গোপন উদেশ্যবোৰৰ ভিতৰত প্ৰধান উদেশ্যটোৱেই হল নির্বাচন৷

- Donation -

আগন্তক বর্ষত বিধানসভা নির্বাচন অনুষ্ঠিত হব  উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাব,গোৱা,মনিপুৰ আৰু গুজৰাটত৷এই সমূহ ৰাজ্যত হবলগা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভা সম্প্ৰসাৰনত কি কি কৰা হল তাৰ সবিশেষ চাওক এই প্ৰতিবেদনত৷

উল্লেখিত ৬ খন ৰাজ্যৰ ভিতৰত সর্বাধিক লোকসভাৰ আসন আছে উত্তৰ প্ৰদেশ আৰু গুজৰাটত৷উত্তৰ প্ৰদেশত ৮০ খন লোকসভা আসন থকাৰ বিপৰীতে গুজৰাটত আছে ২৬ খন আছে৷আনহাতে পঞ্জাবত ১৩ খন,উত্তৰাখণ্ডত ৫ খন,গোৱাত দুখন আৰু মনিপুৰত আছে দুখন লোকসভা আসন৷উত্তৰ প্ৰদেশৰ আসন্ন নির্বাচন আৰু সর্বাধিক লোকসভা আসনৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৩৬ খনৰ ভিতৰত ৭ খন মুখেই নির্বাচন কৰা হল উত্তৰ প্ৰদেশৰ পৰা৷পূর্বৰ ৯ জন মন্ত্ৰীৰ সৈতে এতিয়া মোদী কেবিনেটত উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ সংখ্যা হলগৈ ১৬ জন৷তদুপৰি মন্ত্ৰী অজয় মিশ্ৰৰ বাহিৰে আটাইকেইজন মন্ত্ৰী নির্বাচন কৰা হল দলিত আৰু পিছপৰা শ্ৰেণীৰ পৰা৷পূর্বতে ইমান বিশাল সংখ্যক মন্ত্ৰীয়ে কোনোকালেই প্ৰতিনিধিত্ব কৰা নাছিল উত্তৰ প্ৰদেশৰ পৰা৷

একেদৰে আসন্ন নির্বাচন আৰু ২৬ খন লোকসভা আসনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাত সর্বাধিক গুৰুত্ব দিয়া হল গুজৰাটক৷বর্তমান গুজৰাটৰ পৰা ৬ জন মন্ত্ৰী অন্তভুক্ত হৈ আছে মোদী মন্ত্ৰীসভাত৷সেই অনুসৰি লোকসভা আসনৰ তুলনাত ২৩ শতাংশ মন্ত্ৰী এতিয়া গুজৰাটৰ৷উত্তৰ প্ৰদেশৰ পৰা আছে লোকসভা আসনৰ ২০ শতাংশ মন্ত্ৰী৷

আনহাতে মনিপুৰৰ পৰা পূর্বে এজনো মন্ত্ৰী নাছিল মোদী কেবিনেটত৷এইবাৰ সংযোজিত কৰা হল মনিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙক৷বিপৰীতে আসন্ন ভবিষ্যতে কোনো নির্বাচন অনুষ্ঠিত হব নলগা পশ্চিম বংগৰ বাবুল সুপ্ৰিয় আৰু দেবশ্ৰী চৌধাৰী বাদ পৰিল মোদী মন্ত্ৰীসভাৰ পৰা৷পঞ্জাবৰ একমাত্ৰ মন্ত্ৰী সোম প্ৰকাশৰ মন্ত্ৰীত্ব বাহাল ৰখাৰ বিপৰীতে কোনো বিশেষ সালসলনি নঘটিল গোৱা আৰু  উত্তৰাখণ্ডত৷

উল্লেখযোগ্য যে সম্প্ৰসাৰণৰ আগলৈ মোদী চৰকাৰ অছিল বিজেপিৰ চৰকাৰ৷নাছিল এন ডি এৰ চৰকাৰ৷মিত্ৰজোঁটৰ ৰামবিলাস পাছোৱানৰ মৃত্যু,অৰবিন্দ সাৱন্ত আৰু হৰচিমৰত কৌৰৰ পদত্যাগৰ পিছত মোদী মন্ত্ৰীসভাত শূণ্য হৈ পৰিছিল মিত্ৰদলৰ মন্ত্ৰীৰ সংখ্যা৷আনফালে মিত্ৰদল জে ডি ইউৱে চাৰিটা মন্ত্ৰীত্ব দাবী কৰিছিল যদিও অৱশেষত মাত্ৰ এটা মন্ত্ৰীত্ব লাভ কৰিয়েই সন্তোষ্ট হব লগা হল৷ৰাম বিলাশ পাছোৱানৰ পুত্ৰকো গুৰুত্ব নিদিলে নৰেন্দ্ৰ মোদীয়ে৷হলেও তিনিজন মিত্ৰদলৰ মন্ত্ৰীক স্থান দি বিজেপিৰ চৰকাৰক এন ডি এ চৰকাৰৰ ৰুপ দিলে নৰেন্দ্ৰ মোদীয়ে৷তদুপৰি সর্বানন্দ সোনোৱাল সহিতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকো স্থান দিয়া হল মোদী মন্ত্ৰীসভাত৷

২০১৪ চনত ৪৬ জন মন্ত্ৰীৰে গঠন হোৱা মন্ত্ৰীসভা এতিয়া ৭৮ জনীয়া হল৷মোদী মন্ত্ৰীসভাৰ মুখসমূহ সলনি হল৷২০১৪ চনত পঞ্চম উত্তীর্ণই স্থান পাইছিল মোদী মন্ত্ৰীসভাত৷এতিয়া সেই পৰিবেশ সলনি হল,সলনি হল মোদী মন্ত্ৰীসভাৰ চেহেৰা৷অন্তত এতিয়া, সলনি হবনে মোদী মন্ত্ৰীসভাৰ চৰিত্ৰ?

Leave A Reply

Your email address will not be published.