মুখ সলনি হল৷সলনি হবনে মোদী চৰকাৰৰ চৰিত্ৰ ?

Share This Article

মুখ সলনি হল৷সলনি হবনে চৰিত্ৰ?ব্যাপক ৰদ বদল হল মোদী চৰকাৰৰ৷নতুন মুখে সলনি কৰিলে মোদী চৰকাৰক৷কিন্তু প্ৰশ্ন হয়-এইবাৰ চৰিত্ৰও সলনি হবনে মোদী চৰকাৰৰ?

মোদী কেবিনেটত কাৰোবাক নতুনকৈ সংযোজন কৰা হল,কাৰোবাক প্ৰমোচন দিয়া হল৷সমান্তৰালভাবে কাৰোবাক বিদায় দিয়া হল মন্ত্ৰীসভাৰ পৰা৷বিদায় দিয়াৰ আঁৰত আছে ১২ জনকৈ মন্ত্ৰীৰ ব্যর্থতা৷বিগত দুটা বছৰৰ ব্যর্থতাৰ বাবে বিদায় দিয়া হল ১২ জন মন্ত্ৰীক৷একেদৰে সফলতাৰ বাবে বহুতক প্ৰমোচনো দিয়া হল ৰাজ্যিক মন্ত্ৰীৰ পৰা কেবিনেট মন্ত্ৰীলৈ৷কিন্তু দুর্ভাগ্যৰ কথা ১২ জন মন্ত্ৰীক লৈ নৰেন্দ্ৰ মোদী বিতুষ্ট হোৱাৰ বিপৰীতে,সুখী হল মাত্ৰ ৮ জন মন্ত্ৰীক লৈ৷সফলতা আৰু বিফলতাৰ ভিত্তিতেই কেবিনেট সম্প্ৰসাৰণ আৰু ৰদ বদল কৰা হৈছে বুলি দাবী কৰা হৈছে যদিও,ইয়াৰ আঁৰত আছে আন কিছুমান গোপন উদেশ্যও৷সেই গোপন উদেশ্যবোৰৰ ভিতৰত প্ৰধান উদেশ্যটোৱেই হল নির্বাচন৷

আগন্তক বর্ষত বিধানসভা নির্বাচন অনুষ্ঠিত হব  উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাব,গোৱা,মনিপুৰ আৰু গুজৰাটত৷এই সমূহ ৰাজ্যত হবলগা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভা সম্প্ৰসাৰনত কি কি কৰা হল তাৰ সবিশেষ চাওক এই প্ৰতিবেদনত৷

উল্লেখিত ৬ খন ৰাজ্যৰ ভিতৰত সর্বাধিক লোকসভাৰ আসন আছে উত্তৰ প্ৰদেশ আৰু গুজৰাটত৷উত্তৰ প্ৰদেশত ৮০ খন লোকসভা আসন থকাৰ বিপৰীতে গুজৰাটত আছে ২৬ খন আছে৷আনহাতে পঞ্জাবত ১৩ খন,উত্তৰাখণ্ডত ৫ খন,গোৱাত দুখন আৰু মনিপুৰত আছে দুখন লোকসভা আসন৷উত্তৰ প্ৰদেশৰ আসন্ন নির্বাচন আৰু সর্বাধিক লোকসভা আসনৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৩৬ খনৰ ভিতৰত ৭ খন মুখেই নির্বাচন কৰা হল উত্তৰ প্ৰদেশৰ পৰা৷পূর্বৰ ৯ জন মন্ত্ৰীৰ সৈতে এতিয়া মোদী কেবিনেটত উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ সংখ্যা হলগৈ ১৬ জন৷তদুপৰি মন্ত্ৰী অজয় মিশ্ৰৰ বাহিৰে আটাইকেইজন মন্ত্ৰী নির্বাচন কৰা হল দলিত আৰু পিছপৰা শ্ৰেণীৰ পৰা৷পূর্বতে ইমান বিশাল সংখ্যক মন্ত্ৰীয়ে কোনোকালেই প্ৰতিনিধিত্ব কৰা নাছিল উত্তৰ প্ৰদেশৰ পৰা৷

একেদৰে আসন্ন নির্বাচন আৰু ২৬ খন লোকসভা আসনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাত সর্বাধিক গুৰুত্ব দিয়া হল গুজৰাটক৷বর্তমান গুজৰাটৰ পৰা ৬ জন মন্ত্ৰী অন্তভুক্ত হৈ আছে মোদী মন্ত্ৰীসভাত৷সেই অনুসৰি লোকসভা আসনৰ তুলনাত ২৩ শতাংশ মন্ত্ৰী এতিয়া গুজৰাটৰ৷উত্তৰ প্ৰদেশৰ পৰা আছে লোকসভা আসনৰ ২০ শতাংশ মন্ত্ৰী৷

আনহাতে মনিপুৰৰ পৰা পূর্বে এজনো মন্ত্ৰী নাছিল মোদী কেবিনেটত৷এইবাৰ সংযোজিত কৰা হল মনিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙক৷বিপৰীতে আসন্ন ভবিষ্যতে কোনো নির্বাচন অনুষ্ঠিত হব নলগা পশ্চিম বংগৰ বাবুল সুপ্ৰিয় আৰু দেবশ্ৰী চৌধাৰী বাদ পৰিল মোদী মন্ত্ৰীসভাৰ পৰা৷পঞ্জাবৰ একমাত্ৰ মন্ত্ৰী সোম প্ৰকাশৰ মন্ত্ৰীত্ব বাহাল ৰখাৰ বিপৰীতে কোনো বিশেষ সালসলনি নঘটিল গোৱা আৰু  উত্তৰাখণ্ডত৷

উল্লেখযোগ্য যে সম্প্ৰসাৰণৰ আগলৈ মোদী চৰকাৰ অছিল বিজেপিৰ চৰকাৰ৷নাছিল এন ডি এৰ চৰকাৰ৷মিত্ৰজোঁটৰ ৰামবিলাস পাছোৱানৰ মৃত্যু,অৰবিন্দ সাৱন্ত আৰু হৰচিমৰত কৌৰৰ পদত্যাগৰ পিছত মোদী মন্ত্ৰীসভাত শূণ্য হৈ পৰিছিল মিত্ৰদলৰ মন্ত্ৰীৰ সংখ্যা৷আনফালে মিত্ৰদল জে ডি ইউৱে চাৰিটা মন্ত্ৰীত্ব দাবী কৰিছিল যদিও অৱশেষত মাত্ৰ এটা মন্ত্ৰীত্ব লাভ কৰিয়েই সন্তোষ্ট হব লগা হল৷ৰাম বিলাশ পাছোৱানৰ পুত্ৰকো গুৰুত্ব নিদিলে নৰেন্দ্ৰ মোদীয়ে৷হলেও তিনিজন মিত্ৰদলৰ মন্ত্ৰীক স্থান দি বিজেপিৰ চৰকাৰক এন ডি এ চৰকাৰৰ ৰুপ দিলে নৰেন্দ্ৰ মোদীয়ে৷তদুপৰি সর্বানন্দ সোনোৱাল সহিতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকো স্থান দিয়া হল মোদী মন্ত্ৰীসভাত৷

২০১৪ চনত ৪৬ জন মন্ত্ৰীৰে গঠন হোৱা মন্ত্ৰীসভা এতিয়া ৭৮ জনীয়া হল৷মোদী মন্ত্ৰীসভাৰ মুখসমূহ সলনি হল৷২০১৪ চনত পঞ্চম উত্তীর্ণই স্থান পাইছিল মোদী মন্ত্ৰীসভাত৷এতিয়া সেই পৰিবেশ সলনি হল,সলনি হল মোদী মন্ত্ৰীসভাৰ চেহেৰা৷অন্তত এতিয়া, সলনি হবনে মোদী মন্ত্ৰীসভাৰ চৰিত্ৰ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.