কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

কৰোনাৰ আতংক অব্যাহত৷তাৰমাজতে কেৰালাত এতিয়া জিকা ভাইৰাছৰ আতংক  আৰম্ভ হৈছে৷কিন্তু কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

জিকা ভাইৰাছ হৈছে এডিচ প্ৰজাতিৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছ৷এডিচ প্ৰজাতিৰ মহে সাধাৰণতে দিনত কামোৰে আৰু ডেংগু-সালধীয়া জ্বৰ আদি ৰোগত মানুহক আক্ৰান্ত কৰে৷যৌন মিলনৰ জৰিয়তেও এই ভাইৰাছ সংক্ৰমিত হব পাৰে৷সংক্ৰমিত হব পাৰে গর্ভৱতী মহিলাৰ পৰা সন্তানৰ ভ্ৰুণলৈ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগৰ লক্ষণ সমূহ খুব কমেই পৰিষ্ফুট হয়৷৫ জনৰ ভিতৰত এজন আক্ৰান্তৰ দেহতহে সাধাৰনতে ইয়াৰ লক্ষণ পৰিলক্ষিত হয়৷অর্থাৎ জিকা ভাইৰাছ সাধাৰণতে এবিধ লক্ষণবিহীন ৰোগৰ কাৰক৷ইয়াৰ সাধাৰণ লক্ষণ সমূহ হৈছে জ্বৰ,মূৰৰ বিষ,বাহু আৰু পেশীৰ বিষ ইত্যাদি ইত্যাদি৷

United States Centre for Disease Control and Prevention ৰ মতে কৰোনা ভাইৰাছৰ দৰেই জিকা ভাইৰাছৰ কোনো পৃথক চিকিৎসা নাই৷লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই ইয়াৰ চিকিৎসা কৰা হয়৷সাধাৰণতে জিকা ভাইৰাছত আক্ৰান্তৰ মৃত্যুৰ হাৰো তেনেই নগন্য৷

জিকা কোনো নতুন ভাইৰাছৰ নহয়৷দশক দশক ধৰি জিকা ভাইৰাছৰ অবস্থিতিৰ সন্ধান পোৱা গৈছে৷১৯৪৭ চনত প্ৰথমবাৰলৈ উগাণ্ডৰ বান্দৰৰ দেহত চিনাক্ত হৈছিল জিকা অবস্থিতি৷১৯৫২ চনত ই প্ৰথমবাৰলৈ চিনাক্ত হৈছিল মানব দেহত৷

বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি জিকা ভাইৰাছৰ উৎপত্তিৰ তথ্য পোৱা যায় আফ্ৰিকা,আমেৰিকা আৰু এচিয়াৰ বিশেষ কিছুমান অঞ্চলত৷১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ এচিয়া আৰু আফ্ৰিকাৰ ভিন্ন স্থানত ইয়াৰ অস্তিত্বৰ সন্ধান পোৱা গৈছিল৷কিন্তু বিশেষ আৰু চিন্তনীয়ভাবে জিকা ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম ঘটনা সংঘটিত হৈছিল মাইক্ৰ’নেচিয়াৰ য়েপ নামৰ এটা দ্বীপত৷যিয়ে ফ্ৰেন্স পলিনেচিয়াকে আদি কৰি বিভিন্ন দেশত ২০১৩ চনত বৃহৎ গনসংক্ৰমণৰ ৰুপ ধাৰণ কৰিছিল৷২০১৫ চনত ই ব্যাপক সংক্ৰমণৰ সূচনা কৰিছিল ব্ৰাজিলত৷আজিৰ দিনটোলৈ বিশ্বৰ প্ৰায় ৮৬ খন ৰাজ্যত যিকা ভাইৰাছ সংক্ৰমণ  চিনাক্ত হৈছে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296