প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল!কোন কোন থাকিব প্ৰশান্ত কিশোৰৰ বিজেপি বিৰোধী অভিযানত?

Share This Article

বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যহ্বান কেৱল কংগ্ৰেছ,আপ অথবা তৃণমূল কংগ্ৰেছ নহয়৷ বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যাহ্বান প্ৰশান্ত কিশোৰৰ নিজা দল৷বিহাৰৰ পৰা আৰম্ভ হব প্ৰাশান্ত কিশোৰৰ ৰাজনৈতিক অভিযান৷
দেশজুৰি আৰম্ভ হৈছে বিজেপি বিৰোধী মহাশক্তি গঠনৰ কুচকাৱাজ৷প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দুর্বল ভূমিকাৰ মাজতে বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঠনৰ বাবে সাজু আন কেইটামান বিৰোধী দল৷কিন্তু তাৰমাজতে প্ৰধান নেতৃত্ব লবলৈ জন্ম হব এটা নতুন দল৷জন্ম হব ভোট ৰাজনীতিৰ চানক্য প্ৰশান্ত কিশোৰৰ নিজা দল৷যি দল পৰিণত হব দেশৰ বিজেপি বিৰোধী মহাশক্তিৰ লিংকমেনত৷

প্ৰশান্ত কিশোৰ কোনো ৰাজনৈতিক নেতা নহয়৷ভোটৰ অংকৰ পেছাদাৰী খেলুৱৈ প্ৰশান্ত কিশোৰ৷পশ্চিম বংগত বিজেপিৰ শেহতীয়া পৰাজয়ৰ আৰত আছিল প্ৰশান্ত কিশোৰৰ কৌশলী ৰণনীতি৷পশ্চিম বংগত মমতাৰ বিজয়ৰ পিছতেই প্ৰশান্ত কিশোৰে ঘোষণা কৰিছিল,তেখেতে ত্যাগ কৰিব নির্বাচনী ৰণনীতিকাৰৰ পেছা৷ত্যাগ কৰিব ৰাজ্যই ৰাজ্যই গৈ কৰা নির্বাচনী ভোটৰ খেলা৷কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলিছে এতিয়া চর্চা-প্ৰশান্ত কিশোৰে আৰম্ভ কৰিব এতিয়া অন্য এখন খেলা৷বিহাৰৰ পৰা আৰম্ভ কৰিব বিজেপি বিৰোধী এখন ঐক্যবদ্ধ খেলা৷
শেহতীয়া সময়খিনিত প্ৰশান্ত কিশোৰৰ ইখনৰ পিছত সিখন বৈঠক চলিছে এন চি পিৰ নেতা শৰদ পাৱাৰৰ সৈতে৷বিজেপি বিৰোধী শক্তি গঠনৰ পোষকতাৰে অব্যাহত আছে ধাৰাবাহিক আলোচনা৷ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চর্চা-সকলো দল ঐক্যবদ্ধ হোৱাৰ পূর্বে প্ৰশান্ত কিশোৰৰ মত,আগতীয়াকৈ তেখেতে গঠন কৰিব এটা নিজা দল৷যিয়ে দেশজুৰি বিজেপি বিৰোধী শক্তি সমূহৰ মাজত পালন কৰিব প্ৰধান লিংকমেনৰ ভূমিকা৷
প্ৰশান্ত কিশোৰীৰ এই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ হব বিহাৰৰ পৰা৷বিহাৰতেই গঠন হব প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল৷তাৰবাবে ইতিমধ্যে বিহাৰত কুচকাৱাজ আৰম্ভ কৰিছে প্ৰশান্ত কিশোৰে৷দেশজুৰি কৰোনাৰ আতংক আৰম্ভ হোৱাৰ পূর্বেই প্ৰশান্ত কিশোৰে বিহাৰত আৰম্ভ কৰিছিল ‘বাত বিহাৰ কি’ শীর্ষক এক অভিযান৷এই অভিযানৰ জৰিয়তে প্ৰশান্ত কিশোৰে ৰাজনীতিত সন্ধান কৰিছিল নতুন মুখৰ৷আলোচনাত মিলিত হৈছিল বিহাৰৰ যুৱক-যুৱতীৰ সৈতে৷শেহতীয়া বিহাৰ নির্বাচনতো বিশেষ অংশগ্ৰহণ আছিল প্ৰশান্ত কিশোৰৰ৷বিজেপিৰে মিত্ৰতা কৰা নীতিশ কুমাৰৰ বিৰুদ্ধে সৰৱ আছিল প্ৰশান্ত কিশোৰ৷এতিয়া বিহাৰতেই নতুন ৰাজনৈতিক দলৰ আৰম্ভণি কৰি বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঠনৰ পোষকতা কৰিছে প্ৰশান্ত কিশোৰে৷বিহাৰত জন্ম হব লগা এই নতুন ৰাজনৈতিক দলটোৱে দেশজুৰি ভূমিকা পালন কৰিব বিজেপি বিৰোধী লিংকমেনৰ৷
২০১৫ চনৰ বিহাৰ নির্বাচনত নীতিশ কুমাৰ বিজয়ৰ আৰত অছিল প্ৰশান্ত কিশোৰৰ ভূমিকা৷২০১৭ চনৰ অন্ধ্ৰপ্ৰদেশ নির্বাচনতো সফল হৈছিল প্ৰশান্ত কিশোৰ৷২০২০ চনৰ দিল্লী নির্বাচনত আপৰ হৈ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিছিল প্ৰশান্ত কিশোৰে৷সেই নির্বাচনত বিধস্ত হৈছিল বিজেপি৷২০২১ চনৰ পশ্চিম বংগ আৰু অন্ধ্ৰপ্ৰদেশ নির্বাচনত মমতা বেনার্জী আৰু এম কে ষ্টালিনৰ হৈ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিছিল প্ৰশান্ত কিশোৰে আৰু দুয়োখন ৰাজ্যতে সফল হৈছিল প্ৰশান্ত কিশোৰ৷শেহতীয়া নির্বাচন সমূহত প্ৰশান্ত কিশোৰ ব্যাপক ৰুপত সফল হৈছিল যদিও,ৰাজনৈতিক নেতা হিচাপে প্ৰশান্ত কিশোৰ কিমান সফল হয় সেইয়া সময়ত ষ্পষ্ট হব৷কিন্তু বিজেপিৰ বাবে যে প্ৰশান্ত কিশোৰ পূর্বতকৈ অধিক বেছি মূৰৰ কামোৰণিত পৰিণত হব সেইয়া নিশ্চিত৷কাৰণ প্ৰশান্ত কিশোৰৰ এই ৰাজনৈতিক যাত্ৰা অকলশৰীয়াকৈ আৰম্ভণি ঘটিলেও মহাশক্তি গঠনত ভূমিকা থাকিব আন দুগৰাকী বিশেষ ৰাজনৈতিক নেতাৰ৷তেওলোক হল এন চিপিৰ নেতা শৰদ পাৱাৰ আৰু তৃণমূল নেত্ৰী মমতা বেনার্জী৷শৰদ পাৱাৰৰ সৈতে প্ৰশান্ত কিশোৰৰ ৰাজোনৈতিক বৈঠক অব্যাহত আছে৷অভিজ্ঞ নেতা হিচাপে কংগ্ৰেছ আৰু অন্যান্য আঞ্চলিক ৰাজনৈতিক দল সমূহৰ লগত সু সম্পর্ক আছে শৰদ পাৱাৰৰ৷আনহাতে মমতা বেনার্জীৰো দেশৰ ৰাজনীতিত আছে বিশেষ গুৰুত্ব,আছে দক্ষতা৷প্ৰশান্ত কিশোৰৰ ধাৰনা,২০২৪ ৰ লোকসভা নির্বাচনত তৃণমূল কংগ্ৰেছে লাভ কৰিব ৩০ খনৰো অধিক আসন৷
এনে কিছু অংক,এনে পৰিকল্পনা,এনে ৰণনীতিৰেই এতিয়া প্ৰশান্ত কিশোৰে তৈয়াৰ কৰিছে বিজেপি উৎখাত অভিযানৰ ৰূপৰেখা৷বিহাৰৰ পৰা আৰম্ভ হব লগা এই অভিযানত প্ৰশান্ত কিশোৰ কিদৰে সফল হয় সেইয়া সময়ত পৰিলক্ষিত হব৷সময়ত পৰিলক্ষিত হব  ভোটৰ ৰাজনীতিৰ পাকৈত খিলাৰী গৰাকীৰ এই নতুন অংক কিদৰে কার্যকৰী হয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.