গৰু , গাহৰিক লৈ কি কয় হিন্দু – মুছলমানে ? Pew Research Center ৰ ডাঙৰ সমীক্ষা ৷ পঢ়ক সবিশেষ-

Share This Article

অসম বিধানসভাৰ আগন্তুক অধিৱেশনত উত্থাপন কৰা  হ’ব গো সুৰক্ষা বিধেয়ক ৷ ১৯৫০ চনৰ গো সুৰক্ষা আইন বাতিল কৰি নতুন ৰূপত উত্থাপন কৰা হ’ব গো সুৰক্ষা বিধেয়ক ৷ এই বিধেয়কক লৈ ইতিমধ্যে ৰাজ্যত নতুন বিতৰ্কৰ সূচনা হৈছে ৷ কাৰণ , ভাৰতবৰ্ষত গৰু কেৱল এটা চাৰিঠেঙীয়া , ঘৰচীয়া জন্তু নহয় ৷ গৰু এবিধ ৰাজনৈতিক জন্তুও ৷ গো হত্যা , গো সুৰক্ষা স্বাধীনতাৰ পাছৰে পৰা ভাৰতৰ ৰাজনৈতিক ইছ্যু হিচাপে পৰিগণিত হৈ আহিছে ৷ বিশেষকৈ জনসংঘ আৰু তাৰ পাছত ভাৰতীয় জনতা পাৰ্টীয়ে গো সুৰক্ষাৰ বিষয়টোক কেন্দ্ৰীয় ৰাজনৈতিক ইছ্যুৰ মান্যতা দি আহিছে ৷ সেইবাবেই দ্বিতীয়বাৰ অসমত ক্ষমতালৈ অহাৰ পাছতে বিজেপি চৰকাৰে বলবৎ কৰিবলৈ ওলাইছে গো সুৰক্ষা আইন ৷ যোৱা ৮ জুলাইত এই কথা ঘোষণা কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ একেদিনাই প্ৰকাশ পাইছে আন এটা গুৰুত্বপূৰ্ণ সমীক্ষা ৷ দেশৰ প্ৰায় ৩০ হাজাৰ লোকক সামৰি পিউ ৰিচাৰ্চ চেন্টাৰে প্ৰকাশ কৰিছে এই সমীক্ষাটো ৷ সমীক্ষাটোৰ নাম দিয়া হৈছে ৰিলিজিয়ন ইন ইণ্ডিয়া : ট’লাৰেন্স এণ্ড চেগ্ৰিগেশ্যন অৰ্থাৎ ভাৰতবৰ্ষত ধৰ্ম : সহনশীলতা আৰু বিভাজন ৷ ধৰ্ম সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি লৈছে পি আৰ চিৰ সমীক্ষাটোৱে ৷ আনকি গৰু আৰু গাহৰিৰ প্ৰসংগায়ো আমেৰিকাৰ সংস্থাটোৰ প্ৰতিবেদনত স্থান পাইছে ৷

সমীক্ষাৰ প্ৰথম তালিকাখনত কোৱা হৈছে যে ৯১ শতাংশ ভাৰতীয়ই বিশ্বাস কৰে যে তেওলোকৰ ধৰ্মীয় উপাসনাৰ সম্পূৰ্ণ স্বাধীনতা আছে , ৮৪ শতাংশৰ মতে সচাঁ অৰ্থত ভাৰতীয় হ’বৰ বাবে সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত ৷ কিন্তু বিবাহৰ ক্ষেত্ৰত হিন্দু , মুছলমানকে ধৰি সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰত অনেক ৰক্ষণশীলতা আছে ৷ ৬৭ শতাংশ হিন্দু , ৮০ শতাংশ মুছলমান , ৩৭ শতাংশ খ্ৰীষ্টিয়ান , ৫৯ শতাংশ শিখ , ৪৮ শতাংশ বৌদ্ধ আৰু ৬৬ শতাংশ জৈন ধৰ্মালম্বী লোকে তেওলোকৰ ধৰ্মৰ মহিলা আন ধৰ্মৰ লোকলৈ বিয়া হোৱাটো নিবিচাৰে ৷ সমীক্ষাৰ তৃতীয়খন তালিকা অনুসৰি প্ৰতি ৫ জন মুছলমানৰ ১ জনেই যোৱা এবছৰৰ ভিতৰত ধৰ্মীয় বিদ্বেষৰ বলি হৈছে ৷ পি আৰ চিৰ সমীক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে – ৭৪ শতাংশ মুছলমান লোকেই তেওলোকৰ পাৰিবাৰিক সমস্যা নিষ্পত্তিৰ বাবে নিজা ধৰ্মীয় আদালতলৈ যোৱাটো সমৰ্থন কৰে ৷ পি আৰ চিৰ সমীক্ষাত স্থান পাইছে গৰু আৰু গাহৰিৰ প্ৰসংগইও ৷ এই দুবিধ জন্তু ভাৰতৰ নাগৰিকৰ বাবে যে এতিয়াও দুটা ধৰ্মৰ প্ৰতীক স্বৰূপ , সেয়া সমীক্ষাটোত জলজল পটপটকৈ ওলাই পৰিছে ৷ সমীক্ষাৰ মতে , ৭২ শতাংশ হিন্দুৱে ভাবে যে যিসকল লোকে গো মাংস ভক্ষণ কৰে , তেওলোক কেতিয়াও হিন্দু হ’ব নোৱাৰে ৷ আনহাতে , ৭৭ শতাংশ মুছলমানে বিশ্বাস কৰে যে যিসকল লোকে গাহৰি মাংস ভক্ষণ কৰে তেওলোক কেতিয়াও মুছলমান হ’ব নোৱাৰে ৷ স্বাভাৱিকতে এই তথ্যই ভাৰতবৰ্ষত গৰু , গাহৰিৰ নামত চলি থকা ৰাজনীতিৰ এটা দিশ প্ৰতিফলিত কৰিছে ৷ তাতোকৈ ডাঙৰ কথাটো হ’ল , দুয়োটা ধৰ্মৰ বৃহৎ সংখ্যক লোকেই এতিয়াও ভাবে যে এজন মানুহ কেতিয়াও সচাঁ হিন্দু বা মুছলমান হ’ব নোৱাৰে যদিহে তেও আন ধৰ্মৰ ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰে ৷ ৬১ শতাংশ মুছলমানে ধৰ্মীয় উপাসনাৰ বাবে মছজিদলৈ যোৱাটো উচিত বুলি বিবেচনা কৰে ৷ ইয়াৰ বিপৰীতে ৪৮ শতাংশ হিন্দুয়েহে উপাসনাৰ বাবে  মন্দিৰলৈ যোৱাটো দৰকাৰী বুলি ভাৱে ৷ উল্লেখ্য যে ২০১৯ চনৰ ১৭ নৱেম্বৰৰ পৰা ২০২০ চনৰ ২৩ মাৰ্চলৈ দেশৰ ২৬ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলত এই সমীক্ষা চলোৱা হৈছিল ৷ সমীক্ষাটোত ৬ টা ধৰ্মৰ প্ৰায় ৩০ হাজাৰ লোকে অংশ লৈছিল ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.