শ্ৰেণী ৰাষ্ট্ৰীয়

কি কি বন্ধ থাকিব আৰু কি কি খোলা থাকিব ৮ চেপ্তেম্বৰৰ ভাৰত বন্ধত !

সিন্ধু সীমাত আন্দোলনৰত যোগেন্দ্ৰ য়াদবে জনাই: ৮ তাৰিখে কৃষক বিদ্ৰোহৰ সমৰ্থনত বন্ধ থাকিব সমগ্ৰ দেশ। গধুলি ৩ বজালৈ অব্যাহত থাকিব চকা বন্ধৰ কাৰ্যসূচী। দূগ্ধ, ফল-মূল, শাক-পাছলিৰ সৰবৰাহ বন্ধ কৰিব বিদ্ৰোহীয়ে। আনহাতে, তৎকালীন সেৱাসমূহত কোনো ধৰণৰ বাধা নাথাকিব।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম আৰ এছ এছ নেতাৰ নামলৈ সলনিৰ সিদ্ধান্ত গ্ৰহণ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম আৰ এছ এছ নেতাৰ নামলৈ সলনিৰ সিদ্ধান্ত গ্ৰহণ। তিৰুৱন্তপুৰমত থকা ৰাজীৱ গান্ধী বায়’টেকন’ল’জি কেন্দ্ৰৰ নাম সলনি কৰি আৰ এছ এছৰ প্ৰাক্তন নেতা তথা উগ্ৰ হিন্দুত্ববাদী মতাদৰ্শৰ সমৰ্থক এম এছ গোলৱালকাৰৰ নামেৰে…

৮ ডিচেম্বৰত সমগ্ৰ দেশত ভাৰত বন্ধ ঘোষণা।

দেশৰ ৰাজধানীৰ সীমাত আজি ১০ দিনে অব্যাহত আছে কৃষক বিদ্ৰোহ। তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানৰ কৃষক দিনে দিনে উগ্ৰ হৈ পৰা দেখা গৈছে। এই কৃষি আইন বাতিলৰ দাবীত এদিনীয়া ভাৰতবন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।আৰু ৮ ডিচেম্বৰত সমগ্ৰ…

পি এইচ ডি, এম ফিলৰ গৱেষণা পত্ৰ জমা দিয়াৰ সময় ছমাহলৈ বৃদ্ধি।

ক’ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দেশত বন্ধ হৈ আছিল বিশ্ববিদ্যালয়সমূহ। যাৰ ফলত গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ গৱেষণা পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) য়ে গৱেষণাপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত অতিৰিক্ত ছয়মাহ সময় দিছে। ইয়াৰ…

কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে।

দেশত কৃষকৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্ববাসীয়ে কৃষক বিদ্রোহক লৈ তীব্ৰ সমৰ্থন আগবঢ়াইছে। আৰু এই কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে। কৃষি আইনৰ বিৰোধীতাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ লৈ পায় তিনি পৃষ্ঠাজোৰা…

দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক।

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক। ক’ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু প্ৰতিষেধকক লৈ আলোচনা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ত। এই আলোচনাত বহিছে বিশ্বৰ বিভিন্ন দেশ, সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্ব। ভাৰতত প্ৰতিষেধক বিতৰণৰ অন্যতম প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী…

MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান।

MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। ‘Spice king’ খ্যাত মহাশয় ধৰমপাল গুলাটীয়ে আজি পুৱা চানান দেৱী হাস্পাতালত ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ১৯২৩ চনত পাকিস্তানৰ শিয়ালকাটাত জন্ম গ্ৰহণ কৰিছিল গুলাটীয়ে। পিতৃৰ মছলা ব্যৱসায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা গুলাটীৰ MDH…

ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন

ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন। সাগৰ শীৰ্ষক পদক্ষেপৰ অংশৰূপে ভাৰতে ছাবমেৰিন প্ৰেৰণৰ কথা নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰা মতে ‘INS সিন্ধুবীৰ’ নামৰ কিলো শ্ৰেণীৰ ছাবমেৰিন খন প্ৰেৰণ কৰিব ভাৰতে। দুয়ো দেশৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে…

বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি Toyota…

ৰাষ্ট্ৰসংঘৰ ECOSOC ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত

ৰাষ্ট্ৰসংঘৰ Economic and Social council (ECOSOC ) ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত। ৪ বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কমিচন অন ষ্টেটাছ অৱ ৱমেনৰ সদস্য ৰূপে থাকিব ভাৰতবৰ্ষ। ২০২১ চনৰ পৰা ২০২৫ চনলৈ এই আয়োগৰ সদস্যৰূপে থাকিব ভাৰতবৰ্ষ। আৰু এই কথা টুইটাৰ…