৮ ডিচেম্বৰত সমগ্ৰ দেশত ভাৰত বন্ধ ঘোষণা।

Share This Article

দেশৰ ৰাজধানীৰ সীমাত আজি ১০ দিনে অব্যাহত আছে কৃষক বিদ্ৰোহ। তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানৰ কৃষক দিনে দিনে উগ্ৰ হৈ পৰা দেখা গৈছে। এই কৃষি আইন বাতিলৰ দাবীত এদিনীয়া ভাৰতবন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।আৰু ৮ ডিচেম্বৰত সমগ্ৰ দেশত ভাৰত বন্ধ ঘোষণা কৰা হৈছে। ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইচ এছ লখৱালে শুকুৰবাৰে জনোৱা মতে – ৫ ডিচেম্বৰ অৰ্থাৎ আজি সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ কৰা হ’ব। আৰু ৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু টোলগেটসমূহ অৱৰোধ কৰা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.