MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান।

Share This Article

MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। ‘Spice king’ খ্যাত মহাশয় ধৰমপাল গুলাটীয়ে আজি পুৱা চানান দেৱী হাস্পাতালত ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ১৯২৩ চনত পাকিস্তানৰ শিয়ালকাটাত জন্ম গ্ৰহণ কৰিছিল গুলাটীয়ে। পিতৃৰ মছলা ব্যৱসায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা গুলাটীৰ MDH মছলাৰ প্ৰতিষ্ঠানে সমগ্ৰ ভাৰতত অত্যন্ত জনপ্ৰিয়তা অৰ্জন কৰিছে। ২০১৯ চনত ভাৰত চৰকাৰে মহাশয় ধৰমপাল গুলাটীক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। আৰু দেশৰ আগশাৰীৰ মছলা ব্ৰেণ্ড হিচাপে পৰিচিত হৈ পৰে MDH মচালা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.