Investigative reporting with dedication.

ক’ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দেশত বন্ধ হৈ আছিল বিশ্ববিদ্যালয়সমূহ। যাৰ ফলত গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ গৱেষণা পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) য়ে গৱেষণাপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত অতিৰিক্ত ছয়মাহ সময় দিছে। ইয়াৰ পূৰ্বে UGC য়ে ৩১ ডিচেম্বৰ পৰ্যন্ত সময়সীমা বৃদ্ধি কৰিছিল। আৰু শেহতীয়াকৈ অহা ৩০ জুন পৰ্যন্ত এই সময় বৃদ্ধি কৰা হৈছে।




