Investigative reporting with dedication.
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম আৰ এছ এছ নেতাৰ নামলৈ সলনিৰ সিদ্ধান্ত গ্ৰহণ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম আৰ এছ এছ নেতাৰ নামলৈ সলনিৰ সিদ্ধান্ত গ্ৰহণ। তিৰুৱন্তপুৰমত থকা ৰাজীৱ গান্ধী বায়’টেকন’ল’জি কেন্দ্ৰৰ নাম সলনি কৰি আৰ এছ এছৰ প্ৰাক্তন নেতা তথা উগ্ৰ হিন্দুত্ববাদী মতাদৰ্শৰ সমৰ্থক এম এছ গোলৱালকাৰৰ নামেৰে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিজ্ঞান তথা প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হৰ্ষবৰ্ধনে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজীৱ গান্ধী বায়’টেকন’ল’জি কেন্দ্ৰৰ নাম গোলৱালকাৰৰ নামেৰে ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। সেয়ে উক্ত প্ৰতিষ্ঠানৰ নাম ৰখা হ’ব ‘শ্ৰী গুৰুজী মহাদেৱ সদাশিৱগোলৱালকাৰ নেছনেল চেণ্টাৰ ফ’ৰ কমপ্লেক্স ডিজিজ ইন কেঞ্চাৰ এণ্ড ভাইৰেল ইনফেকছন’।

