সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিলুপ্ত হ’ব নেকি বি পি এফ দল ?

ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ? কিয় উপ –নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা নাই বি পি এফ দলে ?

ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?বিলুপ্ত হ’ব নেকি বি পি এফ ? এই প্ৰশ্নবোৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত সঘনে চৰ্চিত হ’বলৈ ধৰিছে ৷ কিয়নো ,কোকৰাঝাৰৰ পৰা দিছপুৰলৈ ক’তোৱেই এতিয়া হাগ্ৰামা মহিলাৰীৰ অস্তিত্ব বিচাৰি পাবলৈ নাই ৷ সৌ সিদিনালৈকে ৰাজ্যৰ ৰাজনীতিৰ এজন কী- প্লেয়াৰৰ ভূমিকা লৈ অহা হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ বাচি লৈছে স্ব- নিৰ্বাসনৰ পথ ৷ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বি পি এফ দল কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ আছিল ৷ কিন্তু নিৰ্বাচনৰ পাছৰে পৰা মহাজোঁটৰ পৰাও আতৰি আছে বি পি এফ ৷ বিধানসভাৰ মজিয়াতো হাগ্ৰামা মহিলাৰীৰ দলটোৰ কোনো সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাই ৷ আসন্ন উপ – নিৰ্বাচনকলৈও কোনো তৎপৰতা নাই বি পি এফ দলৰ ৷এনে পৰিস্থিতিত স্বাভৱিকতে প্ৰশ্ন উঠিছে – ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?

অসমত কংগ্ৰেছৰ  ১৫ বছৰীয়া শাসনকালত ক্ষমতাৰ অন্যতম অংশীদাৰ আছিল বি পি এফ দল ৷ দলটোৰ পৰা তিনিজনকৈ বিধায়কে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ লগতে বিশ্বজিত দৈমাৰীক প্ৰদান কৰা হৈছিল ৰাজ্যসভাৰ সাংসদৰ পদ ৷ কিন্তু অসমত কংগ্ৰেছৰ বেলি মাৰ যাবলৈ লোৱা সময়তে শিবিৰ সলালে হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলে ৷ ২০১৬ চনৰ বিধাবনসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰ হৈ বি পি এফ আকৌ এবাৰ ক্ষমতাৰ অংশীদাৰ হ’ল ৷ আকৌ সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰ পালে তিনিজনকৈ  বি পি এফ বিধায়কে ৷ সকলো ঠিকেই চলি আছিল ৷ কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত নেডাৰ বৈঠকত হাগ্ৰামা মহিলাৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীত্বৰ পৰা আঁতৰাব নালাগে বুলি কৰা মন্তব্যৰ পাছতে প্ৰেক্ষাপট সলনি হ’বলৈ ধৰে ৷ পূৰ্বৰ মিত্ৰ হিমন্ত বিশ্ব শৰ্মাই শত্ৰুতাৰ চকুৰে চাবলৈ আৰম্ভ কৰিলে হাগ্ৰামা মহিলাৰীক ৷ লগে লগে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলক ওচৰ চপাই আনিলে হিমন্ত বিশ্ব শৰ্মাই ৷ বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত বি পি এফৰে সম্পৰ্কৰ আনুষ্ঠানিক যৱনিকা পেলাই ইউ পি পি এল – বি জে পি মিত্ৰজোঁট নিৰ্বাচনত অৱতীৰ্ণ হ’ল ৷ বিটিচিত শাসনৰ গাদীৰ পৰা এইবাৰ বি পি এফ অপসাৰিত হ’ল ৷ কিন্তু তাৰ পাছতো সোণোৱাল মন্ত্ৰীসভাত কাৰ্যভাৰ গ্ৰহণ কৰি গ’ল বি পি এফৰ তিনি মন্ত্ৰীয়ে ৷ অৱশেষত ২০২১ৰ বিধানসভা নিৰ্বাচনত  বিজেপি – বিপিএফৰ সকলো সম্পৰ্ক বিচ্ছিন্ন হ’ল৷ ইউ পি পি এলৰ হাতত বি পি এফৰ প্ৰতিগৰাকী মন্ত্ৰী পৰাজিত হ’ল ৷ তাৰ পাছৰে পৰা যেন হাগ্ৰামা মহিলাৰীৰ ভাগ্যলিপি অন্যধৰণে লিখিবলৈ লোৱা হ’ল ৷কাৰণ , এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহিল হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও পাহৰা নাই নেডাৰ বৈঠকত হাগ্ৰামাই কৰা মন্তব্য ৷ ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতাৰ চকীত অধিষ্ঠিত হোৱাৰ পাছত নি: সন্দেহে তেও হাগ্ৰামাৰ ওপৰত পোতক তুলিবলৈ বিচাৰিব ৷ ইয়াৰ আগতীয়া উমান পায়েই হাগ্ৰামা মহিলাৰী এতিয়া স্ব- নিৰ্বাসনলৈ গুছি গৈছে ৷ কিয়নো বিটিচিৰ দীৰ্ঘদিনীয়া শাসনকালত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অনেক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ আছে ৷ নিযুক্তিৰ পৰা আৰম্ভ কৰি ঠিকা বিতৰণলৈকে সকলোতে চলিছিল স্বজন তোষণ আৰু কমিছনৰাজ ৷ আনকি নিৰ্বাচনৰ আগত খোদ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উগ্ৰপন্থী সংগঠনক সহায় কৰাৰ চাঞ্চল্যকৰ অভিযোগ তুলিছিল ৷ যদি এই বিষয়বোৰৰ সঠিক তদন্ত হয় , তেনেহ’লে হাগ্ৰামা মহিলাৰীৰ বিপদ অনিবাৰ্য ৷ সেইবাবেই এতিয়া ৰাজহুৱা প্ৰেক্ষাপটৰ পৰা আতৰি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মালৈ মিত্ৰতাৰ গোপন প্ৰস্তাব প্ৰেৰণ কৰা বুলি খবৰ ওলাইছে ৷ জাল চপাই আনিছে হিমন্ত বিশ্ব শৰ্মাইও ৷ তেও হাগ্ৰামা মহিলাৰীক ৰাজনৈতিকভাৱে নি:শেষ কৰি পেলোৱাৰ ব্লু- প্ৰিন্ট ইতিমধ্যে সাজু কৰি তুলিছে ৷ হয়তো সাম্ভাব্য বিপদৰ পৰা বাচিবলৈকে উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকিব বি পি এফ দল ৷ এইদৰেই বিজেপি – ইউ পি পি এল মিত্ৰজোটক বিজয়ৰ পথ প্ৰশস্ত কৰি দি হাগ্ৰামা মহিলাৰীয়ে নিজক আসন্ন বিপদৰ সুৰক্ষিত কৰিব বিচাৰিছে ৷ কিন্তু হাগ্ৰামাই নিজক সুৰক্ষিত কৰিবলৈ যোৱাৰ সমান্তৰালবভাৱে অসমৰ ৰাজনীতিৰ পৰা লাহে লাহে হেৰাই যাব বি পি এফ দল ৷ উপ –নিৰ্বাচনৰ পৰাই বি পি এফৰ বিলুপ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ৰাজধানীত এতিয়া সৰৱ চৰ্চা চলিছে ৷

 

 

 

 

 

- Donation -

Leave A Reply

Your email address will not be published.