বিলুপ্ত হ’ব নেকি বি পি এফ দল ?

Share This Article

ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?বিলুপ্ত হ’ব নেকি বি পি এফ ? এই প্ৰশ্নবোৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত সঘনে চৰ্চিত হ’বলৈ ধৰিছে ৷ কিয়নো ,কোকৰাঝাৰৰ পৰা দিছপুৰলৈ ক’তোৱেই এতিয়া হাগ্ৰামা মহিলাৰীৰ অস্তিত্ব বিচাৰি পাবলৈ নাই ৷ সৌ সিদিনালৈকে ৰাজ্যৰ ৰাজনীতিৰ এজন কী- প্লেয়াৰৰ ভূমিকা লৈ অহা হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ বাচি লৈছে স্ব- নিৰ্বাসনৰ পথ ৷ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বি পি এফ দল কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ আছিল ৷ কিন্তু নিৰ্বাচনৰ পাছৰে পৰা মহাজোঁটৰ পৰাও আতৰি আছে বি পি এফ ৷ বিধানসভাৰ মজিয়াতো হাগ্ৰামা মহিলাৰীৰ দলটোৰ কোনো সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাই ৷ আসন্ন উপ – নিৰ্বাচনকলৈও কোনো তৎপৰতা নাই বি পি এফ দলৰ ৷এনে পৰিস্থিতিত স্বাভৱিকতে প্ৰশ্ন উঠিছে – ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?

অসমত কংগ্ৰেছৰ  ১৫ বছৰীয়া শাসনকালত ক্ষমতাৰ অন্যতম অংশীদাৰ আছিল বি পি এফ দল ৷ দলটোৰ পৰা তিনিজনকৈ বিধায়কে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ লগতে বিশ্বজিত দৈমাৰীক প্ৰদান কৰা হৈছিল ৰাজ্যসভাৰ সাংসদৰ পদ ৷ কিন্তু অসমত কংগ্ৰেছৰ বেলি মাৰ যাবলৈ লোৱা সময়তে শিবিৰ সলালে হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলে ৷ ২০১৬ চনৰ বিধাবনসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰ হৈ বি পি এফ আকৌ এবাৰ ক্ষমতাৰ অংশীদাৰ হ’ল ৷ আকৌ সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰ পালে তিনিজনকৈ  বি পি এফ বিধায়কে ৷ সকলো ঠিকেই চলি আছিল ৷ কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত নেডাৰ বৈঠকত হাগ্ৰামা মহিলাৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীত্বৰ পৰা আঁতৰাব নালাগে বুলি কৰা মন্তব্যৰ পাছতে প্ৰেক্ষাপট সলনি হ’বলৈ ধৰে ৷ পূৰ্বৰ মিত্ৰ হিমন্ত বিশ্ব শৰ্মাই শত্ৰুতাৰ চকুৰে চাবলৈ আৰম্ভ কৰিলে হাগ্ৰামা মহিলাৰীক ৷ লগে লগে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলক ওচৰ চপাই আনিলে হিমন্ত বিশ্ব শৰ্মাই ৷ বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত বি পি এফৰে সম্পৰ্কৰ আনুষ্ঠানিক যৱনিকা পেলাই ইউ পি পি এল – বি জে পি মিত্ৰজোঁট নিৰ্বাচনত অৱতীৰ্ণ হ’ল ৷ বিটিচিত শাসনৰ গাদীৰ পৰা এইবাৰ বি পি এফ অপসাৰিত হ’ল ৷ কিন্তু তাৰ পাছতো সোণোৱাল মন্ত্ৰীসভাত কাৰ্যভাৰ গ্ৰহণ কৰি গ’ল বি পি এফৰ তিনি মন্ত্ৰীয়ে ৷ অৱশেষত ২০২১ৰ বিধানসভা নিৰ্বাচনত  বিজেপি – বিপিএফৰ সকলো সম্পৰ্ক বিচ্ছিন্ন হ’ল৷ ইউ পি পি এলৰ হাতত বি পি এফৰ প্ৰতিগৰাকী মন্ত্ৰী পৰাজিত হ’ল ৷ তাৰ পাছৰে পৰা যেন হাগ্ৰামা মহিলাৰীৰ ভাগ্যলিপি অন্যধৰণে লিখিবলৈ লোৱা হ’ল ৷কাৰণ , এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহিল হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও পাহৰা নাই নেডাৰ বৈঠকত হাগ্ৰামাই কৰা মন্তব্য ৷ ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতাৰ চকীত অধিষ্ঠিত হোৱাৰ পাছত নি: সন্দেহে তেও হাগ্ৰামাৰ ওপৰত পোতক তুলিবলৈ বিচাৰিব ৷ ইয়াৰ আগতীয়া উমান পায়েই হাগ্ৰামা মহিলাৰী এতিয়া স্ব- নিৰ্বাসনলৈ গুছি গৈছে ৷ কিয়নো বিটিচিৰ দীৰ্ঘদিনীয়া শাসনকালত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অনেক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ আছে ৷ নিযুক্তিৰ পৰা আৰম্ভ কৰি ঠিকা বিতৰণলৈকে সকলোতে চলিছিল স্বজন তোষণ আৰু কমিছনৰাজ ৷ আনকি নিৰ্বাচনৰ আগত খোদ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উগ্ৰপন্থী সংগঠনক সহায় কৰাৰ চাঞ্চল্যকৰ অভিযোগ তুলিছিল ৷ যদি এই বিষয়বোৰৰ সঠিক তদন্ত হয় , তেনেহ’লে হাগ্ৰামা মহিলাৰীৰ বিপদ অনিবাৰ্য ৷ সেইবাবেই এতিয়া ৰাজহুৱা প্ৰেক্ষাপটৰ পৰা আতৰি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মালৈ মিত্ৰতাৰ গোপন প্ৰস্তাব প্ৰেৰণ কৰা বুলি খবৰ ওলাইছে ৷ জাল চপাই আনিছে হিমন্ত বিশ্ব শৰ্মাইও ৷ তেও হাগ্ৰামা মহিলাৰীক ৰাজনৈতিকভাৱে নি:শেষ কৰি পেলোৱাৰ ব্লু- প্ৰিন্ট ইতিমধ্যে সাজু কৰি তুলিছে ৷ হয়তো সাম্ভাব্য বিপদৰ পৰা বাচিবলৈকে উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকিব বি পি এফ দল ৷ এইদৰেই বিজেপি – ইউ পি পি এল মিত্ৰজোটক বিজয়ৰ পথ প্ৰশস্ত কৰি দি হাগ্ৰামা মহিলাৰীয়ে নিজক আসন্ন বিপদৰ সুৰক্ষিত কৰিব বিচাৰিছে ৷ কিন্তু হাগ্ৰামাই নিজক সুৰক্ষিত কৰিবলৈ যোৱাৰ সমান্তৰালবভাৱে অসমৰ ৰাজনীতিৰ পৰা লাহে লাহে হেৰাই যাব বি পি এফ দল ৷ উপ –নিৰ্বাচনৰ পৰাই বি পি এফৰ বিলুপ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ৰাজধানীত এতিয়া সৰৱ চৰ্চা চলিছে ৷

 

 

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.