খেলা হ’ব ত্ৰিপুৰাত : অভিষেক বেনাৰ্জীৰ গাড়ীত আক্ৰমণ

Share This Article

এইবাৰ খেলা হ’ব ত্ৰিপুৰাত ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত অভাবনীয় সফলতা লাভ কৰাৰ পাছত তৃণমূল কংগ্ৰেছ প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে ৷ বংগৰ বাহিৰতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে ৷ প্ৰথম লক্ষ্য হিচাপে লৈছে উত্তৰ –পূৱৰ ৰাজ্য ত্ৰিপুৰাক ৷ বাংলাভাষী লোকৰ সংখ্যাগৰিষ্ঠতা থকা ত্ৰিপুৰাত আজি প্ৰথমবাৰৰ বাবে ভৰি দিয়ে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৷ কিন্তু তৃণমূল নেতাগৰাকীৰ ত্ৰিপুৰাত পদাৰ্পনৰ লগে লগে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , উদয়পুৰ মাতাবাৰী অঞ্চলত অভিষেক বেনাৰ্জীৰ গাড়ী প্ৰবেশ কৰাৰ লগে লগে একাংশ বিজেপি কৰ্মীয়ে “গো বেক “ শ্ল’গান দিবলৈ আৰম্ভ কৰে ৷ আনকি তৃণমূলৰ নেতাগৰাকীৰ গাড়ীত আক্ৰমণৰো চেষ্টা চলায় ৷ এই ঘটনাৰ পাছতে অভিষেক বেনাৰ্জীয়ে টুইটাৰত এইদৰে লিখে –“বিজেপি শাসিত ত্ৰিপুৰাৰ গণতন্ত্ৰ ! বিপ্লববাবুয়ে এই ৰাজ্যক নতুন পথলৈ লৈ গৈছে ৷” উল্লেখ্য যে আজি পুৱা কলকাতাৰ পৰা গৈ আগৰতলাত উপস্থিত হোৱা নেতাগৰাকীয়ে ত্ৰিপুৰেশ্বৰী মন্দিৰ দৰ্শন কৰাৰ কথা আছিল ৷ কিন্তু বাটতে তেও বিজেপি কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হয় ৷ ইয়াৰ পূৰ্বে তৃণমূলৰ হৈ নিৰ্বাচনী কৌশল যুগুত কৰা সংস্থা ‘আই-পেক’ৰ ২৩ জন কৰ্মীকো হোটেলত আৱদ্ধ কৰিছিল ত্ৰিপুৰাৰ আৰক্ষীয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.