সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী মৌচুমী বৰগোহাঞিয়ে লাভ কৰিছিল নিম্ন আৰু মধ্য আয়ৰ লোকৰ বাবে নিৰ্মিত ফ্লেটৰ আৱন্টন ৷ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হ’ল যে ভূপেন বৰাৰ পত্নীৰ নামত থকা ফ্লেটটো ইতিমধ্যে তেওলোকে ত্যাগ কৰিছে ৷ কিন্তু তাৰ পাছতে অসম চৰকাৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি আকৌ উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ তেও কয় যে ২০০৬ চনত ফ্লেট আবন্টন পোৱাৰ এবছৰ পাছতে ভূপেন বৰাৰ পত্নী মৌচুমী বৰগোহাঞিয়ে চাকৰি লাভ কৰিছিল ৷ কিন্তু তাৰ পাছতো বিগত ১৫ বছৰে তেওলোকে ফ্লেটটো দখল কৰি ৰাখিছিল ৷ কিন্তু ভূপেন বৰাৰ পত্নীয়ে হাউচিঙৰ ফ্লেট দখল কৰি ৰখা প্ৰথম আৰু শেষ ব্যক্তি নহয় ৷   বহু ৰাজনীতিক , আমোলা , নেতাৰ অঙহী – বঙহী আৰু মুধাফুটা ব্যক্তিয়ে নিম্ন আয় আৰু আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে আবন্টিত ফ্লেট অবৈধভাৱে দখল কৰিছিল ৷ ধনী মানুহক হাউছিঙৰ ফ্লেট আবন্টন দিবলৈ চুপাৰিশ কৰিছিল খোদ হিমন্ত বিশ্ব শৰ্মাই ৷
তালিকাত আছে বহু ৰাজনীতিক , আমোলা , নেতাৰ অঙহী – বঙহী আৰু অনেক মানুহৰ নাম ৷ তালিকাত থকা সকলো ব্যক্তিয়ে মহানগৰীৰ ঘোৰামাৰা আৰু বৰসজাইত নিৰ্মান কৰা ফ্লেটৰ আবন্টন লাভ কৰিছে ৷ মাহে ১০ হাজাৰ টকাতকৈ কম আয়ৰ লোকৰ বাবে নিৰ্মান কৰা ফ্লেটসমূহ লাভ কৰিছে আপোনাৰ আমাৰ পৰিচিত বহু ব্যক্তিয়ে ৷

এই তথ্য অনুসৰি ভাৰত চৰকাৰৰ পূৰ্বৰ মিনিষ্ট্ৰী অৱ হাউছিঙ আৰবান প্ৰভাৰ্টী এলিভেশ্যনে গুৱাহাটীৰ বৰসজাই আৰু ঘোৰামাৰাত নিৰ্মান কৰিছিল মুঠ ৮২০ টা ফ্লেট ৷ মুঠ ৫১ কৌটি ১৫ লাখ টকা ব্যয়েৰে এই ৮২০ টা ফ্লেট নিৰ্মান কৰিছিল নেচনেল বিল্ডিঙ কনষ্ট্ৰাকশ্যন কৰ্পোৰেশ্যনে ৷ আৰু এয়া হ’ল গুৱাহাটীৰ বৰসজাই আৰু ঘোৰামাৰাত নিৰ্মান কৰা ফ্লেটসমুহৰ লে আউই ডিজাইন ৷
ভাৰত চৰকাৰৰ এই হাউছিঙ প্ৰকল্প তিনিটা পৰ্যায়ত অসমত ৰূপায়ন হৈছিল ৷ ২০০১ ৰ পৰা ২০০২ চনৰ ভিতৰত অনুমোদিত হৈছিল এই তিনিটা প্ৰকল্প ৷ তিনিটা প্ৰকল্পৰ ভিতৰত আছিল চাৰিমহলীয়া বৰসজাই হাউছিঙ প্ৰকল্প ,চাৰিমহলীয়া ঘোৰামৰা হাউছিঙ প্ৰকল্প আৰু তিনিমহলীয়া হাউছিঙ প্ৰকল্প ৷
তিনিমহলীয়া বৰসজাই প্ৰকল্পত আছিল আৰ্থিকভাৱে দুৰ্বল শ্ৰেনীৰ বাবে ১৮০ টা ফ্লেট
চাৰিমহলীয়া বৰসজাই প্ৰকল্পত আছিল নিম্ন আয়ৰ লোকৰ বাবে ৩২০ টা ফ্লেট
আৰু
চাৰিমহলীয়া বৰসজাই প্ৰকল্পত আছিল নিম্ন আয়ৰ লোকৰ বাবে ৩২০ টা ফ্লেট

- Donation -

নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছত এই ফ্লেটসমূহ আবন্টনৰ বাবে হস্তান্তৰ কৰা হয় অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদক৷ কিন্তু আবন্টনৰ ক্ষেত্ৰত আৰোপ কৰা হয় কেতবোৰ বিশেষ চৰ্ত ৷ এই চৰ্ত অনুসৰি , ফ্লেট লাভ কৰিবলৈ হ’লে –
গুৱাহাটীত থাকিব নোৱাৰিব নিজা ঘৰ
আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাহিলি উপাৰ্জন হ’ব লাগিব ৫ হাজাৰ টকাতকৈ কম
নিম্ন আয়ৰ লোকৰ মাহিলি উপাৰ্জন হ’ব লাগিব ৫০০১ টকাৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত
আৰ্থিকভাৱে দুৰ্বল বা EWS ৰ বাবে সংৰক্ষিত আছিল ১৮০ টা ফ্লেট
নিম্ন আয়ৰ অৰ্থাৎ LIG ৰ বাবে সংৰক্ষিত আছিল মুঠ ৬৪০ টা ফ্লেট

এই ফ্লেট সমূহৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছত আবন্টনৰ বাবে হস্তান্তৰ কৰা হয় অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদক ৷ ২০০৬ চনৰ পৰা এই ফ্লেটসমূহ আবন্টন দিয়া হয় ৷কিন্তু অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদে কোন কোন আৰ্থিকভাৱে দুৰ্বল আৰু নিম্ন আয়ৰ লোকক এই ফ্লেটসমূহ আৱন্টন দিলে সেয়া জানিলে আপোনাৰো চকু কপালত উঠিব ৷
বৰসজাই আৰু ঘোৰামাৰাত নিম্ন আয় আৰু আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে নিৰ্মিত ফ্লেট লাভ কৰা লোকসকলৰ মাজৰ এজনক তথ্য প্ৰথমতে আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো ৷ মন কৰক এই আবেদন পত্ৰখনলৈ ৷ হাউছিঙ বৰ্ডৰ অধ্যক্ষলৈ দিয়া এই আবেদন পত্ৰখন হ’ল বৰ্তমান থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাইৰ ৷ মৰাণহাটৰ নিউ মহাৰাজা হোটেলৰ ঠিকনা উল্লেখ থকা এই আবেদন পত্ৰখনত সুশান্ত বৰগোহায়ে নিজৰ মাহিলি উপাৰ্জন মাহিলি ১২ হাজাৰ টকা বুলি উল্লেখ কৰিছে ৷ নিম্ন আয়ৰ ব্যক্তি বুলি পৰিচয় দি তেও হাউছিঙৰ ফ্লেট বিচাৰি আবেদন জনাইছিল ৷ সেই আবেদন অনুসৰিয়ে সুশান্ত বৰগোহাইক বৰসজাইত লোৱাৰ ইনকাম গ্ৰুপ অৰ্থাৎ নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মিত ফ্লেট আৱন্টন দিয়া হৈছিল ৷ আপোনালোকে স্ক্ৰীণত দেখি আছে সুশান্ত বৰগোহাইক নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মিত ফ্লেট আবন্টন দিয়াৰ নথি আৰু হাউছিঙ বৰ্ডৰ লগত তেও স্বাক্ষৰ কৰা চুক্তি পত্ৰ ৷
কেনেদৰে ৰাজনীতিকে দুখীয়া আৰু নিম্ন আয়ৰ লোকৰ বাবে নিৰ্মিত ফ্লেট লাভ কৰিছিল , তাৰ এটা মাত্ৰ উদাহৰণ আমি প্ৰমানসহ আপোনালোকৰ সন্মুখত দাঙি ধৰিলো ৷ এইদৰেই বৰসজাই আৰু ঘোৰামাৰাত দূখীয়া আৰু নিম্ন আয়ৰ বাবে নিৰ্মিত ফ্লেট দখল কৰিছিল বহু ৰাজনীতিক আৰু আমোলাই ৷ সুশান্ত বৰগোহাই তাৰ এটা উদাহৰণহে মাত্ৰ ৷

Leave A Reply

Your email address will not be published.