সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে ভানলালভেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওক চমন জাৰি কৰিছিল ৷ আনকি সাংসদগৰাকীৰ সন্ধানত দিল্লীত অভিযানো চলাইছিল অসম আৰক্ষীয়ে ৷ কিন্তু মিজোৰামৰ সৈতে শান্তিপূৰ্ণ আলোচনা আৰম্ভ কৰাৰ স্বাৰ্থতে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে ৷ সেইমৰ্মে অসম আৰক্ষীয়ে আজি মিজোৰামৰ সাংসগৰাকীৰ বিৰুদ্ধে ধলাই থানাত  ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰে ৷ আনহাতে , মিজোৰাম চৰকাৰেও সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত তেওলোকে ৰুজু কৰা গোচৰৰ আওতাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Leave A Reply

Your email address will not be published.