সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আপুনি কিয় সাংবাদিক হব নালাগে?

ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদনত কিয় উল্লেখ হল মনজিৎ মহন্তকে ধৰি অসমৰ ৭ জন সাংবাদিকৰ নাম?

আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়?

ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা বুলি উল্লেখ কৰা হৈছে৷ইয়াৰে দুজন সাংবাদিক ক্ৰমে বিজেনদ্বীপ তাতী আৰু পৰাগ ভূঞাক হত্যা কৰা হল৷সাংবাদিক মিলন মহন্ত,অৰুণ পাল,মনজিৎ মহন্ত,মানসজ্যোতি বৰুৱা আৰু ৰাজীৱ শর্মা দুর্বৃত্তৰ আক্ৰমণ আৰু আৰক্ষীৰ গোচৰৰ সন্মুখীন হল৷উত্তৰ পূর্বৰ ৰাজ্য সমূহৰ ভিতৰত সাংবাদিক আক্ৰমণৰ শীর্ষত আছে ত্ৰিপুৰা৷বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত ২০২০ চনত আক্ৰমণৰ সন্মুখীন হল এটা সংবাদ প্ৰতিষ্ঠান আৰু ১১ গৰাকী সাংবাদিক৷উত্তৰ পূর্বত সাংবাদিক আক্ৰমণৰ ক্ষেত্ৰত দিত্বীয় স্থানত আছে আন এখন বিজেপি শাসিত ৰাজ্য৷সেইখনেই হল অসম৷আৰু এই কথা প্ৰকাশ পাইছে ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদনত৷

- Donation -

ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদনত চকু ফুৰালেই আপুনি বুজিব পাৰিব,যে দেশৰ বিজেপি শাসিত ৰাজ্য সমূহতেই সর্বাধিক সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হয়৷সেইয়া লাগিলে গণ আক্ৰমণেই হওক অথবা চৰকাৰী বা ৰাজনৈতিক আক্ৰমণেই হওক৷কিন্তু দেশৰ ভিতৰতেই সর্বাধিক কোনখন ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনা  সংঘটিত হয় সেই কথা আপুনি অনুমান কৰিব পাৰিছেনে?যদি আপুনি সেইখন ৰাজ্য উত্তৰ প্ৰদেশ বুলি ভাবিছে,তেন্তে আপুনি সম্পূর্ণ শুদ্ধ কথা ভাবিছে৷কাৰণ ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত উত্তৰ প্ৰদেশতেই সংঘটিত হৈছে সর্বাধিক সাংবাদিক আক্ৰমণৰ ঘটনা৷বছেটোত উত্তৰ প্ৰদেশত আক্ৰমণৰ সন্মুখীন হল ৩৭ গৰাকী সাংবাদিক৷উত্তৰ প্ৰদেশৰ হথৰাছৰ ধর্ষণ কাণ্ডৰ বাতৰি পৰিবেশন কৰিবলৈ  যোৱা সাংবাদিক কিদৰে প্ৰশাসনৰ আক্ৰমণ আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল সেই কথা আপুনি নিজেই দেখিছে৷

প্ৰতিবেদন অনুসৰি ২০২০ চনত সমগ্ৰ দেশত আক্ৰমণৰ বলি হল সর্বমুঠ ২২৬ গৰাকী সাংবাদিক আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠান৷ইয়াৰে ১২ গৰাকী মহিলা সাংবাদিক৷আটাইতকৈ ডাঙৰ কথাটো এইয়াহে,যে ইয়াৰে সর্বাধিক আক্ৰমণ ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা সংঘটিত৷২২৬  গৰাকী সাংবাদিক আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত ১১২ গৰাকী সাংবাদিক আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠান ৰাষ্ট্ৰযন্ত্ৰ আক্ৰমণৰ বলি হল৷বছৰটোত দেশত হত্যাৰ বলি হল ১৩ গৰাকী সাংবাদিক৷আনহাতে ৩৭ গৰাকী সাংবাদিক গ্ৰেপ্তাৰ অথবা আতক হল৷৬৪ গৰাকী সাংবাদিকৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে,১৩ গৰাকী সাংবাদিক আৰু এটা সংবাদ প্ৰতিষ্ঠানক কাৰণ দর্শোৱা জাননী জাৰি কৰা হৈছে  আৰু ১০১ গৰাকী সাংবাদিক শাৰীৰিকভাবে অপদস্থ হৈছে৷

আৰ এফ এছৰ সংবাদ স্বাধীনতা হননকাৰী গেলাৰীত ইতিমধ্যে নৰেন্দ্ৰ মোদীৰ নাম সন্নিবিষ্ট হৈছে৷ভাৰত সাংবাদিকৰ বাবে ভয়ানক দেশ বুলিও সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷দেশত ক্ৰমবর্ধমান সাংবাদিক আক্ৰমণৰ ঘটনাই বাৰু গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনা নাইনে?যিয়েই নহওক এই সমুহ দেখি শুনি আপুনি অথবা অপোনাৰ সন্তান বা আপোনজন সাংবাদিক হোৱাটো বিচাৰিবনে?

Leave A Reply

Your email address will not be published.