আপুনি কিয় সাংবাদিক হব নালাগে?

Share This Article

আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়?

ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা বুলি উল্লেখ কৰা হৈছে৷ইয়াৰে দুজন সাংবাদিক ক্ৰমে বিজেনদ্বীপ তাতী আৰু পৰাগ ভূঞাক হত্যা কৰা হল৷সাংবাদিক মিলন মহন্ত,অৰুণ পাল,মনজিৎ মহন্ত,মানসজ্যোতি বৰুৱা আৰু ৰাজীৱ শর্মা দুর্বৃত্তৰ আক্ৰমণ আৰু আৰক্ষীৰ গোচৰৰ সন্মুখীন হল৷উত্তৰ পূর্বৰ ৰাজ্য সমূহৰ ভিতৰত সাংবাদিক আক্ৰমণৰ শীর্ষত আছে ত্ৰিপুৰা৷বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত ২০২০ চনত আক্ৰমণৰ সন্মুখীন হল এটা সংবাদ প্ৰতিষ্ঠান আৰু ১১ গৰাকী সাংবাদিক৷উত্তৰ পূর্বত সাংবাদিক আক্ৰমণৰ ক্ষেত্ৰত দিত্বীয় স্থানত আছে আন এখন বিজেপি শাসিত ৰাজ্য৷সেইখনেই হল অসম৷আৰু এই কথা প্ৰকাশ পাইছে ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদনত৷

ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদনত চকু ফুৰালেই আপুনি বুজিব পাৰিব,যে দেশৰ বিজেপি শাসিত ৰাজ্য সমূহতেই সর্বাধিক সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হয়৷সেইয়া লাগিলে গণ আক্ৰমণেই হওক অথবা চৰকাৰী বা ৰাজনৈতিক আক্ৰমণেই হওক৷কিন্তু দেশৰ ভিতৰতেই সর্বাধিক কোনখন ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনা  সংঘটিত হয় সেই কথা আপুনি অনুমান কৰিব পাৰিছেনে?যদি আপুনি সেইখন ৰাজ্য উত্তৰ প্ৰদেশ বুলি ভাবিছে,তেন্তে আপুনি সম্পূর্ণ শুদ্ধ কথা ভাবিছে৷কাৰণ ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত উত্তৰ প্ৰদেশতেই সংঘটিত হৈছে সর্বাধিক সাংবাদিক আক্ৰমণৰ ঘটনা৷বছেটোত উত্তৰ প্ৰদেশত আক্ৰমণৰ সন্মুখীন হল ৩৭ গৰাকী সাংবাদিক৷উত্তৰ প্ৰদেশৰ হথৰাছৰ ধর্ষণ কাণ্ডৰ বাতৰি পৰিবেশন কৰিবলৈ  যোৱা সাংবাদিক কিদৰে প্ৰশাসনৰ আক্ৰমণ আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল সেই কথা আপুনি নিজেই দেখিছে৷

প্ৰতিবেদন অনুসৰি ২০২০ চনত সমগ্ৰ দেশত আক্ৰমণৰ বলি হল সর্বমুঠ ২২৬ গৰাকী সাংবাদিক আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠান৷ইয়াৰে ১২ গৰাকী মহিলা সাংবাদিক৷আটাইতকৈ ডাঙৰ কথাটো এইয়াহে,যে ইয়াৰে সর্বাধিক আক্ৰমণ ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা সংঘটিত৷২২৬  গৰাকী সাংবাদিক আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত ১১২ গৰাকী সাংবাদিক আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠান ৰাষ্ট্ৰযন্ত্ৰ আক্ৰমণৰ বলি হল৷বছৰটোত দেশত হত্যাৰ বলি হল ১৩ গৰাকী সাংবাদিক৷আনহাতে ৩৭ গৰাকী সাংবাদিক গ্ৰেপ্তাৰ অথবা আতক হল৷৬৪ গৰাকী সাংবাদিকৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে,১৩ গৰাকী সাংবাদিক আৰু এটা সংবাদ প্ৰতিষ্ঠানক কাৰণ দর্শোৱা জাননী জাৰি কৰা হৈছে  আৰু ১০১ গৰাকী সাংবাদিক শাৰীৰিকভাবে অপদস্থ হৈছে৷

আৰ এফ এছৰ সংবাদ স্বাধীনতা হননকাৰী গেলাৰীত ইতিমধ্যে নৰেন্দ্ৰ মোদীৰ নাম সন্নিবিষ্ট হৈছে৷ভাৰত সাংবাদিকৰ বাবে ভয়ানক দেশ বুলিও সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷দেশত ক্ৰমবর্ধমান সাংবাদিক আক্ৰমণৰ ঘটনাই বাৰু গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনা নাইনে?যিয়েই নহওক এই সমুহ দেখি শুনি আপুনি অথবা অপোনাৰ সন্তান বা আপোনজন সাংবাদিক হোৱাটো বিচাৰিবনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.