অসমৰ সীমা সমস্যা শেহতীয়াকৈ যেন সমাধানহীন প্ৰশ্ন হৈ পৰিছে ৷ অসম – মিজোৰামৰ লাইলাপুৰ সীমান্তৰ ৰক্তাক্ত ঘটনাৰ পাছত চুবুৰীয়া ৰাজ্য মেঘালয়ে নতুনকৈ আৰম্ভ কৰিছে আগ্ৰাসন ৷ এনে পৰিস্থিতিত সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সময়ত মুখ্যমন্ত্ৰী ড: শৰ্মাক সংগ দিয়ে অসমৰ সাংসদসকলে ৷ এই বৈঠকত অসম – মিজোৰামৰ সীমা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা হোৱাৰ উপৰি বড়ো শান্তি প্ৰক্ৰিয়া আৰু অসমত চলি থকা ড্ৰাগছবিৰোধী অভিযান সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰে ৷