সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাবলৈ জনতা ভৱনত ধন লয় কোনে ?

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ নামত জনতা ভাৱনত লোৱা হয় উৎকোচ ৷ এইদৰে উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী কৰ্মচাৰী  ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ পৰা ৫ হাজাৰ টকা লৈছিল আবকাৰী বিভাগৰ ভূপেন হাজৰিকা নামৰ এজন কৰ্মচাৰীয়ে ৷আজি দিছপুৰ থানাত ৰুজু হোৱা ২৮৬০/ ২০২১ নং গোচৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷

- Donation -

কোনে মুখ্যমন্ত্ৰীক লগ পাবলৈ ধন দিছিল ?

ডিব্ৰুগড়ৰ পৰা এগৰাকী মহিলা যোৱা ৩ আগষ্টত আহিছিল দিছপুৰৰ জনতা ভৱনলৈ ৷ উদ্দেশ্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা ৷ মহিলাগৰাকীৰ  স্বামী নগৰ পৰিকল্পনা কৰ্তৃপক্ষৰ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৷ তেও বিগত ৩৬ মাহ ধৰি প্ৰাপ্য দৰমহা লাভ কৰা নাই ৷ এই কথাটো মুখ্যমন্ত্ৰীক জনাবলৈ জনতা ভৱনলৈ আহিছিল মহিলাগৰাকীক ৷ তাতেই তেও লগ পায় ভূপেন হাজৰিকা নামৰ আবকাৰী বিভাগৰ কৰ্মচাৰীজনক ৷ পাছদিনাই তেও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াৰ বিনিময়ত  মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰে ৫ হাজাৰ টকা ৷

ভুৱা পাছ কোনে দিয়ে জনতা ভৱনত ?

ভূপেন হাজৰিকা নামৰ ব্যক্তিজনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ নামতেই কেৱল ধন সংগ্ৰহ কৰা নাছিল , মন্ত্ৰীৰ কাৰ্যালয়ৰ নামতো ভুৱা পাছ ইছ্যু কৰিছিল ৷ সচিবালয়ত প্ৰৱেশৰ বাবে তেও এই পাছ ইছ্যু কৰাই দিছিল ৷ এনে বহু অভিযোগত দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভূপেন হাজৰিকাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ ৩৮৪ ধাৰাৰ অধীনত আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে ৷ আৰক্ষীৰ জেৰাত সচিবালয়ত মন্ত্ৰীক সাক্ষাৎ আৰু পাছ ইছ্যু কৰাৰ নামত চলি থকা এক বৃহৎ দুৰ্নীতি উন্মোচিত হোৱাৰ সম্ভাৱণা আছে ৷

Leave A Reply

Your email address will not be published.