মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাবলৈ জনতা ভৱনত ধন লয় কোনে ?

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ নামত জনতা ভাৱনত লোৱা হয় উৎকোচ ৷ এইদৰে উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী কৰ্মচাৰী  ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ পৰা ৫ হাজাৰ টকা লৈছিল আবকাৰী বিভাগৰ ভূপেন হাজৰিকা নামৰ এজন কৰ্মচাৰীয়ে ৷আজি দিছপুৰ থানাত ৰুজু হোৱা ২৮৬০/ ২০২১ নং গোচৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷

কোনে মুখ্যমন্ত্ৰীক লগ পাবলৈ ধন দিছিল ?

ডিব্ৰুগড়ৰ পৰা এগৰাকী মহিলা যোৱা ৩ আগষ্টত আহিছিল দিছপুৰৰ জনতা ভৱনলৈ ৷ উদ্দেশ্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা ৷ মহিলাগৰাকীৰ  স্বামী নগৰ পৰিকল্পনা কৰ্তৃপক্ষৰ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৷ তেও বিগত ৩৬ মাহ ধৰি প্ৰাপ্য দৰমহা লাভ কৰা নাই ৷ এই কথাটো মুখ্যমন্ত্ৰীক জনাবলৈ জনতা ভৱনলৈ আহিছিল মহিলাগৰাকীক ৷ তাতেই তেও লগ পায় ভূপেন হাজৰিকা নামৰ আবকাৰী বিভাগৰ কৰ্মচাৰীজনক ৷ পাছদিনাই তেও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াৰ বিনিময়ত  মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰে ৫ হাজাৰ টকা ৷

ভুৱা পাছ কোনে দিয়ে জনতা ভৱনত ?

ভূপেন হাজৰিকা নামৰ ব্যক্তিজনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ নামতেই কেৱল ধন সংগ্ৰহ কৰা নাছিল , মন্ত্ৰীৰ কাৰ্যালয়ৰ নামতো ভুৱা পাছ ইছ্যু কৰিছিল ৷ সচিবালয়ত প্ৰৱেশৰ বাবে তেও এই পাছ ইছ্যু কৰাই দিছিল ৷ এনে বহু অভিযোগত দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভূপেন হাজৰিকাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ ৩৮৪ ধাৰাৰ অধীনত আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে ৷ আৰক্ষীৰ জেৰাত সচিবালয়ত মন্ত্ৰীক সাক্ষাৎ আৰু পাছ ইছ্যু কৰাৰ নামত চলি থকা এক বৃহৎ দুৰ্নীতি উন্মোচিত হোৱাৰ সম্ভাৱণা আছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296