দিল্লীত প্ৰধানমন্ত্ৰীৰে কি কথা পাতিলে হিমন্ত বিশ্ব শৰ্মাই ?

Share This Article

অসমৰ সীমা সমস্যা  শেহতীয়াকৈ যেন সমাধানহীন প্ৰশ্ন হৈ পৰিছে ৷ অসম – মিজোৰামৰ  লাইলাপুৰ সীমান্তৰ ৰক্তাক্ত ঘটনাৰ পাছত চুবুৰীয়া ৰাজ্য মেঘালয়ে নতুনকৈ আৰম্ভ কৰিছে আগ্ৰাসন ৷ এনে পৰিস্থিতিত সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সময়ত মুখ্যমন্ত্ৰী ড: শৰ্মাক সংগ দিয়ে অসমৰ সাংসদসকলে ৷ এই বৈঠকত অসম – মিজোৰামৰ সীমা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা হোৱাৰ উপৰি বড়ো শান্তি প্ৰক্ৰিয়া আৰু অসমত চলি থকা ড্ৰাগছবিৰোধী অভিযান সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.