মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

Share This Article

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত মিলিত হৈছে ৰাইজৰ দলৰ নেতৃত্ব ৷ এই বৈঠকতে অখিল গগৈক দিয়া হৈছে অসমত তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ প্ৰস্তাৱ ৷ কিন্তু তৃণমূলৰ এই প্ৰস্তাৱত সৈমান নহ’ল অখিল গগৈ ৷ ইয়াৰ পাছতে অসমক লৈ প্ৰস্তুত কৰা হৈছে নতুন পৰিকল্পনা ৷

বিজেপিক প্ৰতিৰোধৰ সামগ্ৰিক পৰিকল্পনাত কি আছে ?

পশ্চিমবংগত একেৰাহে তৃতীয়বাৰ শাসনলৈ অহাৰ পাছত মমতা বেনাৰ্জীৰ লক্ষ্য এইবাৰ নতুন দিল্লী ৷ কিন্তু নতুন দিল্লীলৈ যোৱাৰ পথ মমতা বেনাৰ্জীৰ বাবে  বহু বেছি কঠিন ৷ সেইবাবেই লোকসভা নিৰ্বাচনত অধিক আসন লাভ কৰাৰ পৰিকল্পনাত এতিয়াৰে পৰা ব্যস্ত হৈ পৰিছে তৃণমূল কংগ্ৰেছ ৷ মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী পদৰ ঘোষিত বা অঘোষিত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ ব্লু প্ৰিন্ট সাজু কৰাৰ দায়িত্ব দিয়া হৈছে নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰক ৷ সেয়ে  পশ্চিববংগৰ নিৰ্বাচনৰ পাছৰে পৰা তেও ব্যস্ত হৈ পৰিছে বিৰোধী দলসমূহক একগোট কৰাৰ কামত ৷ এন চি পি , কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হৈ তেও এটা কথাত সকলোৰে সহমত আদায় কৰাত সক্ষম হৈছে যে এইবাৰৰ লোকসভা নিৰ্বাচন হ’ব প্ৰতিটো বিৰোধী দলৰ বাবে জীৱন মৰণৰ যুঁজ ৷ ৰাজনীতিত অস্তিত্ব বজাই ৰাখিবলৈ হ’লে ১০ বছৰৰ বিৰতিত শাসনলৈ আহিবই লাগিব ৷ প্ৰশান্ত কিশোৰৰ আন এটা প্ৰস্তাৱ হ’ল- প্ৰতিটো লোকসভা সমষ্টিতে বিৰোধীৰ এজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ ৷ দেশৰ ২৪৪ টা লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত ৷ সেইবাবেই এই সমষ্টিসমূহত আন দলক প্ৰতিদ্বন্দিতা নকৰিবলৈ কোৱা হৈছে ৷ইয়াৰ বিনিময়ত যিসমূহ ৰাজ্যত আঞ্চলিক দল অধিক শক্তিশালী অৱস্থানত আছে , তাত কংগ্ৰেছক প্ৰতিদ্বন্দিতা নকৰাৰ প্ৰস্তাৱ দিয়া হৈছে ৷ গতিকে পশ্চিমবংগত কংগ্ৰেছে মমতা বেণাৰ্জীৰ পথ সুগম কৰি দিব ৷

মমতা বেনাৰ্জীৰ বাবে অখিল গগৈ জৰুৰী কিয় ?

কেৱল পশ্চিমবংগৰ আসনেৰে মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হ’ব নোৱাৰে ৷ তৃণমূল কংগ্ৰেছৰ মতে তেওলোকে পশ্চিমবংগত ৩৫ খন আসন লাভ কৰাটো নিশ্চিত ৷ কিন্তু দিল্লীৰ পথ মসৃণ কৰিবলৈ হ’লে আৰু অধিক আসনৰ  দৰকাৰ হ’ব ৷ গতিকে তেওলোকে চকু দিছে উত্তৰ পূৱৰ ২৫ খন আসনত ৷ উত্তৰ পূৱৰ ভিতৰত সৰ্বাধিক লোকসভাৰ আসন আছে অসমত ৷ সেয়ে অসম এই মুহূৰ্তত তৃণমূলৰ প্ৰধান লক্ষ্য ৷ অসমত তৃণমূলে চলোৱা  নিজাববীয়া সমীক্ষাত এটা কথা পোহৰলৈ আহিছিল যে অসমত বিজেপিৰ বিকল্প হৈ উঠাৰ প্ৰবল সম্ভাৱণা আছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ ৷ সেয়ে ৰাইজৰ দলক তৃণমূল কংগ্ৰেছত চামিল হোৱাৰ পোনপটীয়া প্ৰস্তাৱ দিয়া হৈছিল ৷সেই প্ৰস্তাৱ নাকচ হোৱাৰ পাছত এইবাৰ বিষয়টোৰ মিমাংসাৰ দায়িত্ব দিয়া হৈছে প্ৰশান্ত কিশোৰক ৷ সেইমতেই  শণিবাৰে কলকাতাত অখিল গগৈৰে আলোচনাত মিলিত হয় ভাৰতৰ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত প্ৰশান্ত কিশোৰ ৷

প্ৰশান্ত কিশোৰে কি ক’লে ?

শণিবাৰে কলকাতাত অখিল গগৈৰে প্ৰায় ডেৰ ঘন্টা সময় ধৰি চলা  আলোচনাত বিজেপিক প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাৰ সবিশেষ দাঙি ধৰে প্ৰশান্ত কিশোৰে ৷ প্ৰশান্ত কিশোৰৰ মতে যদিহে অসমত তৃণমূল কংগ্ৰেছৰ সৈতে ৰাইজৰ দল চামিল নহয় , তেনহ’লে মমতা বেনাৰ্জীৰ প্ৰধানমন্ত্ৰীত্বৰ প্ৰশ্নত ৰাইজৰ দলৰ আগতীয়া সমৰ্থন নিশ্চিত কৰিব লাগিব ৷ তাৰ পাছতহে ৰাইজৰ দলক তৃণমূলৰ তৰফৰ পৰা প্ৰয়োজনীয় নিৰ্বাচনী  সহায় প্ৰদান কৰা হ’ব ৷ এই চৰ্ত মতেই গুৱাহাটীলৈ উভতি আহিয়েই অখিল গগৈয়ে মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি মন্তব্য কৰিছে ৷ এইদৰে অসমতো  মমতা বেনাৰ্জীৰ গ্ৰহণযোগ্যতা ৰাইজৰ দলৰ জড়িয়তে বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছে ৷ ইয়াৰ বিনিময়ত তৃণমূল কংগ্ৰেছৰ পৰা ৰাইজৰ দললৈ আগবঢ়োৱা হ’ব আন কেতবোৰ বিশেষ সহায় ৷ কিন্তু সকলো পৰিকল্পনাত চূড়ান্ত মোহৰ লাগিবলৈ এতিয়াও অলপ বাকী আছে ৷ সেয়ে অচিৰেই আকৌ এবাৰ অখিল গগৈ ৰাওণা হ’ব কলকাতালৈ ৷ এইবাৰ প্ৰশান্ত কিশোৰৰ উপস্থিতিত তৃণমূলৰ শীৰ্ষ নেতৃত্বই  সকলো সিদ্ধান্ত চূড়ান্ত কৰিব ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.