দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ’ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন ৰেডিয়েশ্যন থেৰাপি ব্লক আৰু লিনিয়াৰ এক্সেলেটৰ মেচিনৰ শুভাৰম্ভ কৰিব ৷ ইয়াৰ পাছতে শ্ৰীমন্ত শংকেদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানৰ পৰাই তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ৷ একেটা অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “প্ৰাৰ্থনা ” শীৰ্ষক আন এক আঁচনিৰ শুভাৰম্ভ কৰিব ৷ এই আঁচনিৰ জড়িয়তে কোভিড পজিটিভ হৈ মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ আত্মীয়ক এক লাখকৈ টকা প্ৰদান কৰা হ’ব ৷
উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শণিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ এই বৈঠকত এই অঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা দীৰ্ঘকালীন সীমা সমস্যা সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয় ৷ গৃহমন্ত্ৰীগৰাকীয়ে কালি ঘোষণা কৰে যে ২০২৪ ৰ ভিতৰত উত্তৰ- পূবৰ সকলো ৰাজ্যৰ ৰাজধানী ৰে’ল , স্থলপথ আৰু আকাশীপথেৰে সংযোগ কৰা হ’ব ৷ ইফালে , অমিত শ্বাহৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বান সমস্যা সন্দৰ্ভতো এক প্ৰেজেন্টেচন দাঙি ধৰে ৷